নলবাৰী, 22 জুন: নলবাৰীৰ চামতাত শনিবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ৷ বৃহৎ পৰিমাণৰ এই নিচাযুক্ত দ্ৰব্য জব্দ কৰা হয় চামতাৰ মিন্টু বৰ্মনৰ শান্তনু মেডিকজৰ পৰা । শনিবাৰে চামতাত নলবাৰী আৰু বেলশৰ আৰক্ষীয়ে যুতীয়াভাৱে চলাইছিল এই অভিযান ৷ অভিযান চলি থকা সময়তে অসুস্থ হৈ পৰে শান্তনু মেডিকজৰ স্বত্বাধিকাৰী মিন্টু বৰ্মন ৷
ফাৰ্মাচীত চলে ড্ৰাগছৰ বেহা !
জব্দ হোৱা নিচাযুক্ত সামগ্ৰী সমূহৰ ভিতৰত আছে Spacorevon Plus টেবলেট 90 পেকেট,Nitrovon Plus টেবলেট 90 পেকেট,Peevon Plus টেবলেট 72 পেকেট আৰু বহু নিচাযুক্ত ঔষধৰ বটল ৷
নলবাৰীত শনিবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
লগতে পঢ়ক: অসমৰ পৰা বংলাদেশলৈ গৰুৰ চোৰাং বেহা...
জব্দ হোৱা নিচাযুক্ত সামগ্ৰী সমূহৰ ভিতৰত আছে Spacorevon Plus টেবলেট 90 পেকেট,Nitrovon Plus টেবলেট 90 পেকেট,Peevon Plus টেবলেট 72 পেকেট আৰু বহু নিচাযুক্ত ঔষধৰ বটল ৷ উল্লেখযোগ্য, পূৰ্বৰে পৰা এইখন মেডিকজত অবৈধ ভাৱে ড্ৰাগছৰ বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈছে ।