নলবাৰী,৭ ডিচেম্বৰ:ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু প্ৰশাসন কঠোৰ হ’লেও ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা (Operation against narcotics) ৷ নিতৌ ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যহত ৰাখিছে একাংশ অসাধু চক্ৰই(Drugs smuggling in Assam) ৷ ইফালে আৰক্ষীয়েও চলাই আছে ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান ।
ড্ৰাগছৰ ৰম্যভূমিলৈ পৰিণত নলবাৰীৰ মুকালমুৱা অঞ্চলতো নিতৌ চলিছে আৰক্ষীৰ অভিযান । অভিযানত নিতৌ আটক হৈ আছে সৰবৰাহকাৰী । তাৰ পিছতো আৰক্ষীক কেৰেপ নকৰি সৰবৰাহকাৰীয়ে নিতৌ চলাই নিয়ে ড্ৰাগছৰ ব্যৱসায় । বুধবাৰে পুনৰ আৰক্ষীৰ জালত পৰে বুজন পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰী(Drugs Peddler Arrested In Nalbari) । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১৩.৬২ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আদাবাৰী পহৰা আৰক্ষী চকীয়ে(Drug peddlers arrested by Mukalmua Police) ।