নলবাৰী, 13জুন : বৰবিহ ড্ৰাগছৰ কৰাল গ্ৰাসত ৰাজ্যৰ যুৱ-প্ৰজন্ম ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যত প্ৰতিদিনে উচ্ছেদ হৈ আহিছে নিচাযুক্ত দ্ৰব্যৰ ঘাটিৰ লগতে আটক হৈছে বহুকেইজন ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰী ৷ ক্ৰমাৎ যেন ভয়াৱহ দিশে গতি কৰিছে যুৱ-প্ৰজন্ম ৷
ড্ৰাগছ সেৱন কৰিবলৈ টকা নাপাই বহু যুৱকে বিভিন্ন অপৰাধ তথা অসৎ উপায় অৱলম্বন কৰাৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ মাজতে নলবাৰীত ঘটিল আন এক ঘটনা ৷ নলবাৰী জিলাৰ সন্ধেলী গাঁৱৰ বীৰেন ডেকা নামৰ নিচাসক্ত যুৱকজনে দীৰ্ঘ দিন ধৰি ঘৰৰ লগতে সমগ্ৰ অঞ্চলটোতে উদ্ভণ্ডালি কৰি আহিছে ৷
ড্ৰাগছ কিনিবলৈ ধন নাপাই মাতৃক প্ৰহাৰ যুৱকৰ আনদিনাৰ দৰে দেওবাৰেও যুৱকজনে ড্ৰাগছ সেৱন কৰিবলৈ টকা নাপাই পুৱাৰে পৰাই ৰাস্তালৈ ওলাই আহি উদ্ভণ্ডালি চলাই ৰাইজক অতিষ্ঠ কৰি তোলাৰ লগতে ধন নিদিয়া বাবেই মাতৃকো প্ৰহাৰ কৰে ৷ যুৱকজনৰ উদভণ্ডালিত অতিষ্ঠ হৈ স্থানীয় ৰাইজে আৰক্ষী অধীক্ষকক খবৰ দিয়াত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱা ঘটনাস্থলীৰ পৰা যুৱকজনে পলায়ন কৰে ৷ কিন্তু আৰক্ষীৰ লোক উভতি যোৱাৰ পাচতে পুনৰ যুৱকজনে ৰাস্তালৈ ওলাই আহি স্থানীয় লোকৰ লগত কাজিয়াত লিপ্ত হয় ৷
লগতে পঢ়ক:নগাঁৱত পিষ্টলসহ এজনক আটক