নলবাৰী, 21 জুলাই: নলবাৰীত বুধবাৰে দিন-দুপৰতে এজন ড্ৰাগছ আসক্ত (Drugs Addicted) যুৱকক হাটে-লোটে ধৰা পেলাই স্থানীয় ৰাইজে ৷ খাৰজাৰা আশ্ৰমৰ সমীপৰ এঘৰত যুৱকজনে চুৰিকাৰ্য চলাই থকাৰ সময়তে ড্ৰাগছ আসক্ত যুৱকজনক কৰায়ত্ত কৰা হয় ৷ জানিব পৰা মতে, বেলশৰ নিবাসী দীপাংকৰ দাস নামৰ ড্ৰাগছ আসক্ত যুৱকজনে দীৰ্ঘদিন ধৰি অশোক শৰ্মা নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰিকাৰ্য সংঘটিত কৰি আহিছিল ৷
অশোক শৰ্মাৰ বাসগৃহত থকা বিভিন্ন সা-সামগ্ৰী ইতিমধ্যে চুৰি কৰা দীপাংকৰে বুধবাৰেও চুৰ কৰাৰ উদ্দেশ্যে লোকজনৰ ঘৰত উপস্থিত হয় যদিও যুৱকজনৰ আগমণৰ উমান লৈ যুৱকজনক কৰায়ত্ত কৰে চুবুৰীয়াই ৷ ইয়াৰ পাচতে স্থানীয় ৰাইজে যুৱকজনক বান্ধি থয় ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰি থানালৈ লৈ যায় । আটকাধীন যুৱকজনৰ সৈতে এটা চিৰিঞ্জো উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই পোহৰলৈ আনিছিল ড্ৰাগছ সৰবৰাহৰ ভয়াৱহ ছবি ৷ ইতিমধ্যে ৰাজ্যত জব্দ হোৱা বুজন পৰিমাণৰ ড্ৰাগছ নষ্ট কৰা কাৰ্যসূচী আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ লগতে ড্ৰাগছৰ বেহাত জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
ইফালে আৰক্ষী-প্ৰশাসন সৰৱ হোৱাৰ বাবে ড্ৰাগছ নাপাই বহু যুৱকে ঘৰুৱা সা-সম্পত্তি ধ্বংস কৰাৰ লগতে অন্য কিছুসংখ্যকে চুৰিকাৰ্যত নমা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছৰ এই ভয়াৱহ ছবিত যুৱ-প্ৰজন্মও জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ ড্ৰাগছে গ্ৰাস কৰা সমাজখনত এতিয়া একপ্ৰকাৰ ধ্বংসৰ মুখলৈ গতি কৰিছে কিছুসংখ্যক যুৱকে ৷
লগতে পঢ়ক :গুনিয়ালগুৰিত শালকাঠ সহ জব্দ বাহন