অসম

assam

ETV Bharat / state

নলবাৰীত নিচাযুক্ত টেবলেটসহ আটক তিনিজন - নলবাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা

গান্ধী জয়ন্তীৰ দিনাখনো নলবাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত চলোৱা হয় ড্ৰাগচ বিৰোধী অভিযান ৷ উল্লেখ্য যে, পুৰ্বেও এই ড্ৰাগচৰ ব্যৱসায় চলাই ৰঙা ঘৰৰ আলহী হৈছিল ধৃত নুৰুল আলি ৷

নলবাৰীত নিচাযুক্ত টেবলেটসহ আটক তিনিজন

By

Published : Oct 2, 2019, 11:28 PM IST

নলবাৰী, 2 অক্টোবৰঃ ড্ৰাগচৰ ঘাটিত পৰিণত হোৱা নলবাৰীত পুনৰ জব্দ হ'ল বহু পৰিমাণৰ নিচাযুক্ত টেবলেট ৷ আৰক্ষী অধীক্ষক অমনজিত কৌৰৰ নিৰ্দেশত নলবাৰী আৰক্ষীয়ে ধাৰাবাহিক ভাৱে চলাই আহিছে ড্ৰাগচ বিৰোধী অভিযান ৷ গান্ধী জয়ন্তীৰ দিনাখনো নলবাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত চলোৱা হয় ড্ৰাগচ বিৰোধী অভিযান ৷ নলবাৰীৰ ইচলামচুবাৰ নুৰুল আলিৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷

ইতিমধ্যে, এই নিচাযুক্ত টেবলেটৰ ব্যৱসায়ৰ লগত জড়িত নুৰুল আলি, বৈতুল্লাহ আলি আৰু জাহানাৰা বেগমক আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, পুৰ্বেও এই ড্ৰাগচৰ ব্যৱসায় চলাই ৰঙা ঘৰৰ আলহী হৈছিল ধৃত নুৰুল আলি ৷

ABOUT THE AUTHOR

...view details