নলবাৰী,31 ডিচেম্বৰ : নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত 28 তাৰিখৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন 32 সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাৰ সফল সামৰণি পৰে ।
একাংকিকা নাট প্ৰতিযোগিতাৰ সফল সামৰণি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ,সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা । এই অনুষ্ঠানতে বিশিষ্ট সমাজকৰ্মী বাণী গোস্বামীক শিল্পী সম্বৰ্ধনা জনোৱা হয় ।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনিত 18 টাকৈ নাট্য দলে নাট মঞ্চস্থ কৰে । বুধবাৰে নিশা সামৰণি অনুষ্ঠানত ‘বান্দৰ এক উভতনি যাত্ৰা’নামৰ নাটখনিৰ বাবে প্ৰথম নাট্য দল হিচাপে বিবেচিত কৰে সমলয় মৰিগাঁও নাট্যগোষ্ঠীৰ দলটোক ৷
আনহাতে ‘অন্তহীন অপেক্ষা’নামৰ নাটখনিৰ বাবে শিহৰণ নাটগোষ্ঠী গুৱাহাটী আৰু ‘ত্ৰাহিদেৱ দামোদৰ’ নাটখনিৰ বাবে জ্যোতি শিল্প নগাঁওক তৃতীয় স্থান হিচাপে নিৰ্বাচন কৰে ৷
লগতে পঢ়ক :ভাৰতত প্ৰৱেশ কৰি যুৱকক অপহৰণ বাংলাদেশী গৰু সৰবৰাহকাৰী দুৰ্বৃত্তৰ