অসম

assam

Felicitated to Dr Kailash Sharma: সূদীৰ্ঘ ৫১ বছৰে বিনামূলীয়া চিকিৎসা আগবঢ়োৱা ডাঃ কৈলাশ শৰ্মাক সম্বৰ্দ্ধনা

By

Published : Feb 20, 2023, 12:47 PM IST

যান্ত্ৰিকতাৰে ভৰা পৃথিৱীত হেৰাই গৈছে মানৱতাৰ ভাষা ৷ তথাপিও সমাজখনত এনে কিছু লোক আছে, যাৰ বাবে সমাজত আজিও বৰ্তি আছে মানৱতা (There is still humanity in society) ৷ নলবাৰীৰ এগৰাকী চিকিৎসকে নিজৰ কৰ্মৰ যোগেদি ৰাইজৰ মাজত দাঙি ধৰিছে কৰ্মনিষ্ঠা তথা প্ৰকৃত সোৱাৰ নিৰ্দশন ৷ বিতংকৈ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ...

Nalbari doctor give Free medical treatment to Nalbari people
ডা: কৈলাশ শৰ্মাক সম্বৰ্দ্ধনা

ডা: কৈলাশ শৰ্মাক সম্বৰ্দ্ধনা

নলবাৰী, 19 ফেব্ৰুৱাৰী : বৰ্তমান বিশ্বায়নৰ যুগত সেৱাৰ ধাৰণা সম্পূৰ্ণ সলনি হোৱা পৰিলক্ষিত হৈছে ৷ শিক্ষা, স্বাস্থ্য আদিৰ সৈতে সেৱা শব্দটো জড়িত হৈ থাকে যদিও সেয়া পালন কৰা খুবেই কমহে দেখিবলৈ পোৱা যায় ৷ এতিয়া সেৱা বৃত্তিলৈ পৰ্যবসিত হ’ল ৷ অৱশ্যে বিশ্বায়নে সৰ্বত্ৰ গ্ৰাস কৰাৰ সময়তো কিন্তু আমাৰ সমাজত জীয়াই আছে একাংশ মানৱতাবাদী লোক, মানৱদৰদী লোক যিয়ে নিজ সামৰ্থ অনুযায়ী আৰ্তজনৰ কাষত থিয় হৈ নিৰন্তৰ আগবঢ়াই গৈছে প্ৰয়োজনীয় সেৱা (There is still humanity in society) ৷

তেনে এক ব্যক্তিত্ব হ’ল নলবাৰী জিলাৰ পকোৱাৰ ডাঃ কৈলাশ শৰ্মা ৷ ১৯৭২ চনত গুৱাহাটী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ (Government Ayurvedic College in Jalukbari) পৰা চিকিৎসাৰ পাঠ্যক্ৰম সামৰি নিজৰ জন্ম গাঁও নিজ পকোৱাতে আৰম্ভ কৰে কৰ্মময় জীৱনৰ ৷ চৰকাৰী চাকৰিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ৰাইজৰ মাজত থাকি সেৱা আগবঢ়াবলৈ মন ঠিৰাং কৰে শৰ্মাই আৰু তেতিয়াৰ পৰাই জিলাখনৰ বিভিন্ন প্ৰান্তত চাইকেলৰ সম্মুখত ঔষধৰ বেগটো লৈ চাইকেল চলাই দুপৰ নিশালৈকে ৰোগীসকলৰ মাজত প্ৰদান কৰি আহিছে চিকিৎসা সেৱা ৷

চিকিৎসক হোৱাৰ পিছতো বিলাসী জীৱন তথা ধন-সম্পদৰ প্ৰতি লালায়িত নোহোৱা ব্যক্তিজনক বৰআজাৰা-চান্দকুছি যুৱ সমাজৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত সম্বৰ্ধনা জনোৱা হয় ৷ বৰআজাৰা- চান্দকুছি বাসন্তীখোলা সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত দেওবাৰে আয়োজিত এক অনুষ্ঠানৰ যোগেদি মানৱ দৰদী চিকিৎসকগৰাকীলৈ আগবঢ়োৱা হয় সন্মান ৷ উল্লেখ্য যে, সহজ-সৰল জীৱন কটোৱা এই চিকিৎসকগৰাকীয়ে জিলাখনৰ বাহঁজানী, বৰআজাৰা, চান্দকুছি,পকোৱা,পানীগাওঁ ,চামতা, জাগৰা আদি বিভিন্ন অঞ্চলত কেতিয়াবা খোজকাঢ়ি আৰু কেতিয়াবা চাইকেল চলাই আগবঢ়ায় গৈছে চিকিৎসা সেৱা ৷

51 বছৰীয়া কৰ্মময় জীৱনটোত বহু জটিল ৰোগত আক্ৰান্ত ৰোগীক হেলাৰঙে সুস্থ কৰি তুলিব পাৰিছিল ড৹ শৰ্মাই ৷ আনকি চেন্নাইৰ দৰে স্বাস্থ্যৰ ক্ষেত্ৰত অগ্ৰণী স্থানলৈ যোৱা ৰোগীয়ে পৰৱৰ্তী সময়ত সুস্থ-সৱল হৈ উঠিছিল চিকিৎসক গৰাকীৰ চিকিৎসাৰ জৰিয়তেহে ৷ আভিজাত্যৰ বিপৰীতে সহজ-সৰল জীৱন শৈলীক আকোঁৱালি লোৱা চিকিৎসকজনক দেওবাৰে শতাধিক বাইকৰে শোভাযাত্ৰা কৰি প্ৰেক্ষাগৃহলৈ আদৰি অনা হয় ৷

ৰাইজে মানপত্ৰ,চেলেং চাদৰ ,জাপি আৰু শৰাইৰে সম্বৰ্দ্ধনা জনায় চিকিৎসকগৰাকীক ৷ সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা শস্য উদ্যান নিগমৰ অধ্যক্ষ অশোক শৰ্মাৰ লগতে বিশিষ্ট অভিনেতা নৱ কুমাৰ শৰ্মা আদি ৷

লগতে পঢ়ক :Husband cheated by wife: অনলাইনত পছন্দ কৰি পাতিলে বিয়া; জনা নাছিল কইনা যে কুখ্যাত গাড়ী চোৰৰ পত্নী

ABOUT THE AUTHOR

...view details