অসম

assam

ETV Bharat / state

Doctor reacts on patient wrong treatment: ভুল চিকিৎসাৰ বলি হৈ ছাত্ৰী মৃত্যুৰ অভিযোগ খণ্ডন চিকিৎসকৰ - নলবাৰীৰ সাৰথি হাস্পতাল

লবাৰীৰ সাৰথি হাস্পতালৰ চিকিৎসকৰ ভুলৰ বাবেই এগৰাকী ছাত্ৰীয়ে মৃত্যুবৰণ কৰা ঘটনাক কেন্দ্ৰ কৰি হাস্পতালখনৰ অধীক্ষক ডাঃ বৰদা শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি অধ্যক্ষগৰাকীয়ে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো গাফিলতি হোৱা নাই বুলি মত পোষণ কৰে ৷

Doctor reacts on patient wrong treatment in Nalbari
ভুল চিকিৎসাৰ বলি হৈ ছাত্ৰী মৃত্যুৰ অভিযোগ খণ্ডন চিকিৎসকৰ

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:54 PM IST

ভুল চিকিৎসাৰ বলি হৈ ছাত্ৰী মৃত্যুৰ অভিযোগ খণ্ডন চিকিৎসকৰ

নলবাৰী, ২৪ আগষ্ট : বুধবাৰৰ নিশাৰ পৰা নলবাৰীৰ সাৰথি হাস্পতালৰ চিকিৎসকৰ ভুলৰ বাবেই এগৰাকী ছাত্ৰীয়ে মৃত্যুবৰণ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ এই ঘটনাৰ পিচতেই হাস্পতালখনৰ অধীক্ষক ডাঃ বৰদা শৰ্মাই নস্যাৎ কৰিলে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ।

বৃহস্পতিবাৰে বিয়লি সংবাদ মাধ্যমক সম্বোধন কৰি অধ্যক্ষগৰাকীয়ে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো গাফিলতি হোৱা নাই বুলি মত পোষণ কৰি সকলো চিকিৎসা নিয়ম অনুযায়ীয়ে কৰা হৈছে বুলি প্ৰকাশ কৰে। আনহাতে ছাত্ৰীগৰাকীৰ দেহত দুবাৰ এনাস্থেচিয়া দিয়া হোৱা বুলি উঠা অভিযোগকো খণ্ডন কৰে চিকিৎসকগৰাকীয়ে।

উল্লেখ্য় যে, ডলাৰ্ডী বৈশ্য নামৰ ছাত্ৰীগৰাকীক পৰিয়ালৰ লোকে 17 আগষ্টৰ দিনা নলবাৰীৰ সাৰথি হাস্পতালত ভৰ্তি কৰায় ৷ কাষলতিৰ তলত হোৱা এটা টিউমাৰৰ অস্ত্ৰোপচাৰৰ বাবে পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল ডলাৰ্ডীক ৷ তাতে ডলাৰ্ডী বৈশ্যক অস্ত্ৰোপচাৰ কৰা হয় ৷ চিকিৎসকে এইটো এটা সাধাৰণ অষ্ট্ৰোপ্ৰচাৰ বুলিহে উল্লেখ কৰিছিল পৰিয়ালৰ লোকক ৷

কিন্তু চিকিৎসকে সাধাৰণ অস্ত্ৰোপচাৰ বুলি উল্লেখ কৰা কৰিলেও তাৰ বাবে সময় লৈছিল 5 ঘন্টা ৷ ফলত চিন্তিত হে পৰিছিল ডলাৰ্ডী বৈশ্যৰ পিতৃ-মাতৃ ৷ ইফালে এই অস্ত্ৰোপচাৰ কৰাৰ পিচতে সংজ্ঞাহীন হৈ পৰিছিল কিশোৰীগৰাকী ৷ পৰৱৰ্তী পৰ্যায়ত কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে নলবাৰীৰ সাৰথি হাস্পতাল কৰ্তৃপক্ষই গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷

পিচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ দিছপুৰস্থিত GNRC হাস্পতালত ভৰ্তি কৰোৱা হয় কিশোৰীগৰাকীক ৷ কিন্তু গুৱাহাটীৰ GNRC হাস্পতালতে মৃত্যু হয় ডলাৰ্ডী বৈশ্যৰ ৷ এই ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাচতে নলবাৰীৰ সাৰথি হাস্পতালৰ সন্মুখত মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:Wrong treatment ! ছাত্ৰীৰ মৃত্যুক লৈ উত্তেজনা; চিকিৎসকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

ABOUT THE AUTHOR

...view details