নলবাৰী, 2 জুন : হোজাই জিলা লংকাস্থিত উদালী আদৰ্শ চিকিৎসালয়ত চিকিৎসকক একাংশ উন্মাদ লোকে বৰ্বৰভাৱে কৰা আক্ৰমণৰ ঘটনাই জোকাৰিছে ৰাজ্য । উক্ত ঘটনাৰ বিৰুদ্ধে এতিয়া চৌদিশে উঠিছে প্ৰতিবাদৰ ঢৌ । নলবাৰীতো বুধবাৰে হোজাইত সংঘটিত উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসকসকলে ।
নলবাৰী চহৰৰ মাজমজিয়াস্থিত ইউনাউটেড হাস্পতালৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক-চিকিৎসাকৰ্মীসকলে । কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক আক্ৰমণ কৰাৰ প্ৰতিবাদ স্বৰূপে হাস্পতালখনৰ চিকিৎসক সকলে বুধবাৰৰ দিনটোৰ বাবে বৰ্জন কৰিলে বহিঃৰ্বিভাগৰ চিকিৎসা সেৱা ।
লংকাত চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ ইফালে চিকিৎসক গৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কৰি অসম চিকিৎসা সেৱা সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য, নলবাৰীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কামেশ্বৰ লহকৰে চৰকাৰক অতিশীঘ্ৰে দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ।
নলবাৰীৰ ঘগ্ৰাপাৰতো চিকিৎসক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় । কৰ’ণা মহামাৰীৰ ভয়াৱহ সময়ছোৱাত চিকিৎসকসকলে পৰিয়ালৰ কথা নাভাবি কৰ’ণা ৰোগীক চিকিৎসা চলাই আহিছে । তেনে সময়তে ডাঃ সেউজ সেনাপতিক একাংশ লোকে কৰ্তব্যৰ মাজতে আক্ৰমণ কৰাৰ পিছত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘগ্ৰাপাৰাত জ্যেষ্ঠ সাংবাদিক বীৰেণ কলিতাৰ উদ্যোগত লংকাৰ উক্ত ঘটনাৰে জড়িত দোযীক উচিত শাস্তি প্ৰদানৰ দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ ।
লগতে পঢ়ক:চিকিৎসাকৰ্মীৰ ন্যায়ৰ দাবীৰে লংকা থানাত উত্তাল প্ৰতিবাদ