অসম

assam

ETV Bharat / state

The deserted village of Assam: মাত্ৰ এটা পৰিয়াল থকা অসমৰ গাঁও; ক’ত আছে জানেনে ? - মাত্ৰ এটা পৰিয়াল থকা অসমৰ গাঁওখন

অসমৰ এখন গাঁও, এই গাঁওখনত বসবাস কৰে মাত্ৰ এটা একক পৰিয়ালে ৷ স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ তিনি সন্তান এইয়াই হৈছে গাঁওখনৰ জনসংখ্যা ৷ এসময়ত মানুহেৰে ভৰি থকা এই গাঁওখনত এতিয়া বসবাস কৰে পাঁচজনীয়া এটা পৰিয়ালটো । কিন্তু ক’ত আছে এই গাঁওখন ? কি হ’ল গাঁওবাসীৰ ! জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

The deserted village of Assam
মাত্ৰ এটা পৰিয়াল থকা অসমৰ গাঁওখন

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 10:56 PM IST

নিউজ ডেস্ক, ২৭ আগষ্ট: "এখন গাঁও এটা জাতিৰ মেৰুদণ্ড ৷" জাতিৰ পিতা মহাত্মা গান্ধীৰ এই নীতি সৰোগত কৰি এতিয়া একাংশ গাঁও উন্নয়নৰ পথত আগবঢ়াৰ বিপৰীতে মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈছে আন একাংশ গাঁও । মৌলিক আন্তঃগাঁথনিৰ অভাৱত তথা কৰ্মসংস্থাপন বিচাৰি চহৰমুখী হ’বলগীয়া হৈছে এই গাঁওসমূহৰ বাসিন্দা ৷ যাৰবাবে এতিয়া জনশূন্য হৈ পৰিছে এনে বহু গাঁও ৷ এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ গাঁৱৰ কথা ক’বলৈ গ’লে আমি উল্লেখ কৰিব পাৰো অসমৰে নলবাৰী জিলাৰ বৰধনৰা গাঁৱৰ ।

এসময়ত মানুহেৰে ভৰি থকা এই গাঁওখনত এতিয়া বসবাস কৰে পাঁচজনীয়া এটা পৰিয়ালে । কেইটামান দশকৰ পূৰ্বে তদানীন্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে বৰধনৰালৈ যোৱা পথটো উদ্বোধন কৰিছিল । সঘনাই বানৰ ফলত পথটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় । চৰকাৰে পুনৰ ৰাস্তাটো নিৰ্মাণ কৰাৰ বাবে কোনো ব্যৱস্থাত গ্ৰহণ নকৰাত গাঁওখনৰ অধিকাংশ পৰিয়ালেই চহৰলৈ প্ৰব্ৰজন কৰে ।

২০১১ চনৰ লোকপিয়ল অনুসৰি বৰধনৰা গাঁৱৰ জনসংখ্যা আছিল ১৬ জন । এই গাঁওখনত এতিয়া ভীমলা ডেকা নামৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নী অনিমা আৰু তিনিটা সন্তান নৰেন, দীপালী আৰু শ্ৰুতিৰ সৈতে বাস কৰে । নলবাৰী জিলা সদৰৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত বৰধনৰা গাঁও । গাঁওখনলৈ যাতায়তৰ বাবে নাই কোনো পথৰ সুবিধা, নাই বিদ্যুতৰ ব্যৱস্থাও । বৰষুণৰ ফলত গাঁওখনলৈ যোৱা পথসমূহ নষ্ট হৈ পৰিছে । ভীমলা ডেকাই জানিবলৈ দিয়া মতে, প্ৰচণ্ড বৰষুণৰ বাবে গাঁওখনৰ ৰাস্তা-ঘাটবোৰ পানীত ডুব যায়, গতিকে নাওৰ সহায়তহে গাঁওখন পাৰ হ’ব লগা হয় ।

"আমি জিলা পৰিষদৰ কাৰ্যালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক গাঁৱৰ পৰিস্থিতিৰ বিষয়ে বাৰম্বাৰ অভিযোগ দাখিল কৰিছো যদিও তেওঁলোকৰ পৰা কোনো সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ স্কুল বা কলেজলৈ যাবলৈ যদি ছাত্ৰ-ছাত্ৰীসকলে কোনো বাহনত উঠিবলগীয়া হয়, তেন্তে দুই কিলোমিটাৰ খোজকাঢ়িব লাগে বোকা আৰু পানীৰে ভৰা ৰাস্তা এটাৰে ।" অনিমাই কয় ৷

তেওঁ লগতে কয়, "বাৰিষাৰ সময়ত আমি নাৱৰ সহায়ত ল'ৰা-ছোৱালীকেইটাক ৰাস্তাৰ ওচৰত এৰি দিওঁ । বিদ্যুতৰ অভাৱত কেৰাচিনৰ লেম্পৰ তলত পঢ়িব লগা হৈছিল । আমাৰ আয়ৰ মূল উৎস হৈছে কৃষি আৰু পশুপালন । স্থানীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে গাঁওখনত এই পৰিস্থিতিৰ সৃষ্টি হৈছে ।"

বৰধনৰাৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ অহা গ্ৰাম্য বিকাশ মঞ্চ নামৰ এটা বেচৰকাৰী সংস্থাই গাঁওখনৰ মাটিখিনি কৃষিভূমিলৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰি আছে । আশা কৰা হৈছে যে গাঁওখনলৈ পুনৰ গাঁৱৰ মানুহ উভতি আহি খেতিৰ প্ৰতি আগ্ৰহী হৈ উঠিব । এন জি অ’ৰ প্ৰতিনিধিৰ অনুসৰি, ৰাজ্য চৰকাৰে যদি গাঁওখনৰ পথ আৰু বিদ্যুতৰ সুবিধা প্ৰদান কৰে তেন্তে গাঁওখনৰ পৰা ওলাই যোৱা লোকসকল পুনৰ গাঁওখনলৈ ঘূৰি আহিব ৷ অন্যথা এদিন জনশূন্য হ’ব গাঁওখন ৷

লগতে পঢ়ক:জনা-নজনা : স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰা অসমৰ এখন গাঁও

ABOUT THE AUTHOR

...view details