অসম

assam

ETV Bharat / state

কোভিডৰ নিয়ম মানি চলা পূজা কমিটীলৈ পুৰস্কাৰ ঘোষণা নলবাৰী জিলা প্ৰশাসনৰ - পূজা মণ্ডপ

পূজা মণ্ডপত এবাৰত সবাধিক ৩০ জন লোকেহে প্ৰৱেশ কৰিব পাৰিব ৷ ৬৫ বছৰৰ ওপৰৰ আৰু ১০ বছৰ বয়সৰ তলৰ শিশুয়ে প্ৰৱেশ কৰিব নোৱাৰে পূজাস্থলীত ৷

Distric administration announce prize for three best puja committee in Nalbari
কোভিডৰ নিয়ম মানি চলা শ্ৰেষ্ঠ তিনিখন পূজা কমিটীলৈ পুৰস্কাৰ ঘোষণা নলবাৰী জিলা প্ৰশাসনৰ

By

Published : Oct 19, 2020, 9:16 PM IST

নলবাৰী, 19 অক্টোবৰ :দূৰ্গা পূজা পালনত এইবাৰ কোভিড-১৯ য়ে ভক্তপ্ৰাণ ৰাইজৰ উৎসাহ ম্লান কৰিলেও কোভিডৰ পৰা সুৰক্ষিত থকাৰ উপায়সমূহ পালন কৰি বৈদিক নীতি-নিয়মেৰে দূৰ্গা পূজা পালনৰ যোজা চলাইছে পূজা কমিটীসমূহে । ৰাজ্য চৰকাৰে কোভিড-১৯ সন্দৰ্ভত বান্ধি দিয়া নীতি-নিয়মসমূহ মানি যাতে নলবাৰী জিলাৰ পূজা কমিটীসমূহে পূজা উদযাপন কৰে সেই বিষয়ে অৱগত কৰাৰ বাবে জিলা প্ৰশাসনে চক্ৰ বিষয়াৰ অধীনৰ দুখনকৈ পূজা কমিটীক মাতি উপায়ুক্ত পূৰৱী কোৱঁৰে উপায়ুক্তৰ সভাকক্ষত এখন বৈঠকত মিলিত হয় । জিলা উন্নয়ন আয়ুক্ত অভিজিত সিনহা, অতিৰিক্ত উপায়ুক্ত ফিৰডৌচ আলম শ্বেইখ, উৰ্মি মেধি, অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ আৰু চক্ৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত পূজা কমিটীসকলে পালন কৰিবলগীয়া নিয়মসমূহৰ বিষয়ে অৱগত কৰা হয় ।

কোভিডৰ নিয়ম মানি চলা শ্ৰেষ্ঠ তিনিখন পূজা কমিটীলৈ পুৰস্কাৰ ঘোষণা নলবাৰী জিলা প্ৰশাসনৰ

এইবাৰ পূজা কমিতীয়ে সামাজিক দূৰত্ব, মাস্ক পৰিধান, চেনিটাইজাৰ ব্যৱহাৰ কৰা, মেলা অনুষ্ঠিত নকৰা, দোকান -পোহাৰ বহিব নিদিয়া, পূজা মণ্ডপত প্ৰসাদ বা ভোগ বিতৰণ নকৰা, পুৰোহিত, পূজা কমিটীৰ লোক আৰু স্বেচ্ছাসেৱকৰ আগতীয়াকৈ কোভিড টেষ্ট কৰা, মণ্ডপত এবাৰত ১০ জনৰ পৰা ৩০ জনতকৈ অধিক লোকক প্ৰৱেশ কৰিব নিদিয়া, মাইক ব্যৱহাৰ নকৰা আদি নিয়মসমূহ মানি চলিহে দূৰ্গা পূজা পাতিব পাৰিব ।

পূজা কমিটীসমূহে পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব, অগ্নি নিৰ্বাপনৰ সামগ্ৰী মজুত ৰাখিব লাগিব আৰু পূজাত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা ৰাখিব লাগিব । কোভিড-১৯ ৰ নিয়মাৱলী সঠিকভাৱে পালন কৰা তিনিখন পূজা কমিটীক তিনিটা পুৰস্কাৰ প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব বুলি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কমিটীসমূহক জানিবলৈ দিয়ে । তদুপৰি বিজয়া দশমীৰ দিনাও ১০জন লোকহে ঘাটলৈ যাব পাৰিব আৰু আধা ঘন্টাৰ ভিতৰত প্ৰতিমা বিসৰ্জন সম্পূৰ্ণ কৰিব লাগিব । ৬৫ বছৰৰ ওপৰৰ বয়সৰ আৰু ১০ বছৰ বয়সৰ তলৰ শিশুক যাতে পূজাস্থলীলৈ অহাটো বন্ধ কৰে তাৰ ওপৰতো সভাত কমিটীসমূহক নিৰ্দেশনা দিয়া হয় । জিলা প্ৰশাসনে এই ক্ষেত্ৰত পূজা কমিটীসমূহক সকলো ধৰণে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক : প্ৰসংগ অসম-মিজোৰাম সীমান্তঃ শাম কটা নাই উত্তেজনা

ABOUT THE AUTHOR

...view details