নলবাৰী,26ডিচেম্বৰ: কেৱল ভাৰতবৰ্ষৰে নহয় বৰ্তমান এচিয়াৰ ভিতৰত সৰ্ববৃহৎ অৰ্ধ সৈনিক বাহিনী কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলে ভাৰতৰ লগতে বিভিন্ন বিভিন্ন দেশকে ধৰি শত্ৰু দেশকো উদ্ধাৰ কৰাৰ লগতে সমাজ বিৰোধী কাৰ্য ৰোধ কৰা তথা সামাজিক কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হয় । এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নলবাৰী জিলাৰ সৰিয়হতলীস্থিত চিআৰপিএফৰ ১৩৬ নং বেটেলিয়নে কৰ'ণা মহামাৰীৰ সময়চোৱাৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত বিতৰণ কৰি আহিছে খাদ্য সামগ্ৰী, চেনেটাইজাৰ, হেণ্ড গ্ল'বছ, হেণ্ড ওৱাছ, মাস্ক আদি ৷
শনিবাৰে বাহিনীটোৱে নলবাৰী জিলাৰ ১০ খনকৈ বিদ্যালয়ত পানী ফিল্টাৰ আৰু মান পত্ৰ প্ৰদান কৰে । ফিল্টাৰ বিতৰণৰ পিছত বেটেলিয়নৰ কামাণ্ডেণ্ট পিচি চৌহানে প্ৰকাশ কৰে যে, স্বচ্ছতা মানৱ জীৱনৰ এক প্ৰয়োজনীয় অংশ আৰু এই স্বচ্ছতা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ।