নলবাৰী, ২৯ ডিচেম্বৰ :মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ আদৰণীয় পদক্ষেপ । সোমবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ দ্বাৰা আৱণ্টিত বিভিন্ন ৰোগাক্ৰান্ত লোকৰ মাজতচিকিৎসা সাহায্যৰ চেক বিতৰণ কৰে সাংসদগৰাকীয়ে (MP Dilip Saikia distributes medical aid cheques)।
নলবাৰীৰ পূৰ্ণ কামদেৱ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত নলবাৰী সমষ্টিৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তৰ ৰোগাক্ৰান্ত লোকসকলৰ মাজত চেকসমূহ বিতৰণ কৰা হয় ৷ ইয়াৰ পাছতে সাংসদ গৰাকীৰ জন্ম গাঁৱৰ বৰলীয়া নৈৰ পূৱপাৰৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ উপৰিও কেইবাটাও আঁচনি পৰিদৰ্শন কৰে ৷
সাংসদ গৰাকীয়ে অঞ্চলটোৰ কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰাৰ মাজতে চমুখাঘাটৰ দলঙৰ কাম দ্ৰুতগতিত চলি থকা বুলিও উল্লেখ কৰে । সাংসদ শইকীয়াই বাহাৰঘাটৰ গোঁসাই উটুৱা ঘাট, বৰখলাৰ শিৱ মন্দিৰৰ পুখুৰী আদিৰ কথা সদৰী কৰাৰ মাজতে অঞ্চলটোত কৰিবলগীয়া বহুতো কাম আছে বুলি উল্লেখ কৰে ৷