নলবাৰী, 3 মে':দেওবাৰে ঘোষণা হ'ল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ আন আন জিলাৰ সমষ্টিসমূহৰ দৰে নলবাৰী জিলাৰ 3 টাকৈ সমষ্টিৰো ফলাফল ঘোষণা হ'ল দেওবাৰে ৷ তিনিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি বিজেপিৰ দখললৈ যোৱাৰ সমান্তৰালভাৱে জিলাখনৰ উল্লেখযোগ্য বৰক্ষেত্ৰী সমষ্টি আহিল কংগ্ৰেছৰ দখললৈ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান জেষ্ঠ কংগ্ৰেছী নেতা সদ্য প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ দখলত আছিল যদিও 2016 চনৰ নিৰ্বাচনত বিজেপিৰ দখললৈ যায় সমষ্টিটো ৷
কিন্তু, 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ সমষ্টিটো আজুৰি আনিবলৈ সক্ষম হয় ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে ৷ জিলাখনৰ সৰ্বস্তৰৰ জনসাধাৰণে দৃষ্টি ৰখা সমষ্টিটোত 2 মে'ত ঘোষণা হোৱা ফলাফলৰ পাচতে এক প্ৰকাৰৰ আনন্দৰ বন্যা বৈছে কংগ্ৰেছী নেতা-কৰ্মীসকলৰ মাজত ৷ উল্লেখ্য যে,জিলাখনৰ নলবাৰী আৰু ধৰ্মপুৰ সমষ্টিৰ ফলাফল ঘোষণা হোৱাৰ পাচতো বহু সময়লৈকে বৰক্ষেত্ৰী সমষ্টিৰ গণনা সম্পন্ন হোৱা নাছিল। কাৰণ সমষ্টিটোৰ বহু কেইটা ইভিএমেই বিকল হৈ পৰিছিল ৷