নলবাৰী, 4 জুন :বৃহস্পতিবাৰে নিশা নলবাৰীত আৰক্ষীৰ আৰু ডকাইতৰ এটা দলৰ মাজত তুমুল সংঘৰ্ষ হয় । আৰক্ষীৰ গুলীত গুলিবিদ্ধ হৈছিল কুখ্যাত গৰুচোৰ তথা ডকাইত আৰু ড্ৰাগছ মাফিয়া আবু বক্কৰ ছিদ্দিকৰ লগতে দুই সহযোগী বিজু আহমেদ আৰু ৰুবুল হুছেইন । ইপিনে আৰক্ষীক গুলি কৰি পলাই সাৰিবলৈ অপচেষ্টা কৰা আবু বক্কৰ ছিদ্দিকৰ লগতে তেওঁৰ সহযোগীক খেদি খেদি কৰায়ত্ব কৰে নলবাৰী আৰক্ষীয়ে । আৰক্ষীৰ এই বৃহৎ সফলতাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ ডিআইজি ব্ৰজেনজিৎ সিনহা, নৱ নিযুক্ত আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে ঘটনাৰ বুজ লয় ।
তাৰ পাচতে এক সংবাদ মেল যোগে ডিআইজি ব্ৰজেনজিৎ সিনহাই এই দুঃসাহসিক অভিযান চলাই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কুখ্যাত অপৰাধী মুকালমুৱাৰ গলডিঘলাৰ আবু বক্কৰ ছিদ্দিকক কৰায়ত্ব কৰাৰ বাবে, নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে আৰক্ষীৰ দলটোক উচ্চ প্ৰশংসা কৰে ।