অসম

assam

কোন দিশে নলবাৰীৰ ঢুলীয়া শিল্পীৰ জীৱন পৰিক্ৰমা

By

Published : Jun 20, 2021, 9:43 PM IST

নলবাৰীৰ কৈহাটীৰ ঢুলীয়া শিল্পীৰ দুৰ্দশা । লাভ কৰা নাই চৰকাৰী সা-সুবিধা । পেটত গামোচা বান্ধিয়েই পাৰ কৰিছে জীৱন ৷ কৈহাটী গাঁৱৰ ঢুলীয়া শিল্পীৰ লগত জড়িত প্ৰায় ১০০ তকৈ অধিক পৰিয়াল আজিও সা-সুবিধাৰ পৰা বঞ্চিত ।

dhuliya culture of nalbari
কোন দিশে নলবাৰীৰ ঢুলীয়া শিল্পীৰ জীৱন পৰিক্ৰমা

নলবাৰী, 20 জুন :লাহে লাহে হেৰাই যাব খোজা অসমৰ পুৰণি কলা-কৃষ্টি সংস্কৃতিৰ সংৰক্ষণত গুৰুত্ব দিবনে চৰকাৰে ? বিভিন্ন কলা-সংস্কৃতিৰে জাতিস্কাৰ অসমভূমি ৷ নানা ভাষা-ভাষী, জনগোষ্ঠীয়ে অসমত বাস কৰে ৷ প্ৰতিটো জাতিৰে আছে স্বকীয় সংস্কৃতিৰ ভঁৰাল ৷

কিন্তু সময়ৰ সোঁতত যেন অসমী আইৰ বুকুৰ পৰা এপদ দুপদকৈ আঁতৰি গৈছে অসমৰ কলা-কৃষ্টিসমূহ ৷ নৱপ্ৰজন্মৰ অনুশীলনৰ অভাৱতে হওঁক বা চৰকাৰৰ অৱহেলাতে হওঁক, পুৰণি কলা-সংস্কৃতিবোৰ এতিয়া যেন পাহৰণিৰ গৰ্ভত ৷ অসমৰ অন্যতম সাংস্কৃতিক এবিধ কলা হৈছে ঢুলীয়া ৷ এসময়ত এই ঢুলীয়াসকলে অসমৰ ভিন্ন প্ৰান্তত প্ৰশংসা বুটলি অনাৰ লগতে উজলাই ৰাখিছিল সংস্কৃতিৰ ভঁৰাল ৷

কোন দিশে নলবাৰীৰ ঢুলীয়া শিল্পীৰ জীৱন পৰিক্ৰমা

নলবাৰীত এই ঢুলীয়া শিল্প অতিকৈ গুৰুত্বপূৰ্ণ তথা এক এৰাব নোৱাৰা কলা আছিল ৷ কিন্তু সংকটত বৰ্তমান নলবাৰীৰ কৈহাটীৰ ঢুলীয়া শিল্পীসকল ৷ কৈহাটী গাঁৱৰ ঢুলীয়া শিল্পীৰ লগত জড়িত প্ৰায় ১০০ তকৈ অধিক পৰিয়াল আজিও সা-সুবিধাৰ পৰা বঞ্চিত ।নামনি অসমৰ অন্যতম লোককৃষ্টি ঢুলীয়া শিল্পীসকলে সাংস্কৃতিক জগতখন চহকী কৰি আহিছে যদিও আজিও অৱহেলিত, অনাদৃত ।

উল্লেখযোগ্য যে, এইসকল ঢুলীয়া শিল্পীৰ পৰিয়ালে লঘোণ থাকি আনক মনোৰঞ্জন দি আহে যদিও এতিয়া এইসকল শিল্পীৰ খা-খবৰ ল’বলৈ আহৰি নাই চৰকাৰ অথবা জনপ্ৰতিনিধিৰ । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা লাভ কৰা নাই কোনো চৰকাৰী সুবিধা । শিল্পী পেন্সনৰ পৰাও বঞ্চিত প্ৰায়সংখ্যক ঢুলীয়া । আনহাতে কৈহাটী গাঁওখনৰ প্ৰায় পৰিয়ালৰ শিশুৰ পৰা বৃদ্ধলৈ এই সংস্কৃতি ধৰি ৰাখি চহকী কৰি আহিছে যদিও নাই এতিয়া ৰজাঘৰীয়াৰ সমাদৰ ।

কোন দিশে নলবাৰীৰ ঢুলীয়া শিল্পীৰ জীৱন পৰিক্ৰমা

মন কৰিবলগীয়া, এইসকল ঢুলীয়া শিল্পীয়ে আনকি চৰকাৰীভাৱে লাভ কৰা নাই বাসগৃহৰ লগতে অন্যান্য আঁচনি । এতিয়া প্ৰশ্ন হয় নলবাৰী জিলাৰ কৈহাটী গাঁৱৰ এইসকল শিল্পীয়ে ৰাজ্যৰ লগতে বহিঃৰাজ্যত ঢুলীয়া প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰি আহিছে যদিও চৰকাৰৰ সদিচ্ছাৰ অভাৱত হেৰাই যাব নেকি সাতামপুৰুষীয়া ঢুলীয়া শিল্পী ! কেতিয়া দৃষ্টি পৰিব চৰকাৰৰ ? নে কালৰ বুকুত হেৰাই যাব এই সাতাম পুৰুষীয়া ঢুলীয়া শিল্প ?

এই লোককৃষ্টিক পুনৰুজ্জীৱিত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবনে ! আশাৰে বাট চাইছে কৈহাটীৰ ঢুলীয়া শিল্পীসকলে । উত্তৰ সময়ৰ হাতত ৷

লগতে পঢ়ক:দীঘেলীৰে কি সম্পৰ্ক বিষ্ণুপ্ৰসাদ ৰাভাৰ ?

ABOUT THE AUTHOR

...view details