নলবাৰী, 27 জুলাই:নলবাৰীত উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসকৰ গাফিলতিৰ বাবেই এটি শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে শিশুটোৰ অভিভাৱকে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে মুকালমুৱাৰ আদাট্টাৰী গাঁৱৰ বিষ্ণুপুৰ চুবুৰীৰ এটি পাঁচ বছৰীয়া কণমানি শিশু পানীত পৰা পিছতেই শিশুটিক ততালিকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে ৷ ইয়াৰ পিছতেই শিশুটিক অক্সিজেন দি এঘণ্টালৈ কোনো চিকিৎসকে এবাৰো পৰীক্ষা কৰিবলৈ নাহিল বুলি অভিযোগ উত্থাপন কৰে শিশুটিৰ আত্মীয়ই (Death of child allegedly due to negligence of doctors)৷
পৰৱৰ্তী সময়ত শিশুটোক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে চিকিৎসকে (Child Death In Mukalmua) ৷ শিশুটোৰ মৃত্যুৰ পিছতে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation at Mukalmua Sub-Division Civil Hospital)৷