অসম

assam

By

Published : Aug 29, 2021, 8:50 AM IST

ETV Bharat / state

চাঞ্চল্য! বৰভাগত ডিঙি কটা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ

হত্যাকাণ্ড নে আত্মহত্যা ? শুকুৰবাৰে নিশা নলবাৰীৰ বৰভাগৰ কৰিয়াত ডিঙি কটা অৱস্থাত উদ্ধাৰ ৰামচৰণ দাস নামৰ লোকজনৰ মৃতদেহ ৷ মৃত্যুৰ পূৰ্বে মানসিকভাৱে হতাশাগ্ৰস্ত আছিল ৰামচৰণ ৷ তেওঁৰ পৰিয়ালৰ লোকে সদৰী কৰিছে এই কথা ৷

dead body recovered at barbhag
বৰভাগত মৃতদেহ উদ্ধাৰ

নলবাৰী, 29 আগষ্ট : এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে নলবাৰীৰ বৰভাগ অঞ্চল ৷ শুকুৰবাৰে নিশা নলবাৰীৰ বৰভাগৰ কৰিয়াত ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ ৷ নিজ বাসগৃহৰ বাৰীৰ পিছফালে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ ৷

বৰভাগত মৃতদেহ উদ্ধাৰ

মৃত লোকজনৰ নাম ৰামচৰণ দাস বুলি জানিব পৰা গৈছে ৷ নিশাৰ ভাগত ঘৰত ৰামচৰণ দাসক নেদেখি পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি বাৰীৰ পিছফালে ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰে ৰামচৰণৰ মৃতদেহ ৷ লগতে মৃতদেহটোৰ কাষতে এখন দা আৰু এযোৰ চেণ্ডেলো উদ্ধাৰ কৰা বুলি পৰিয়ালৰ লোকে সদৰী কৰে ৷

লগতে পঢ়ক:লামডিঙত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ দুগৰাকী কিশোৰী

ৰামচৰণৰ পৰিয়ালে জনোৱা মতে, মৃত্যুৰ পূৰ্বে তেওঁ মানসিকভাৱে হতাশাগ্ৰস্ত আছিল ৷ তেওঁ এগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল । ৰামচৰণৰ মৃত্যু হত্যাকাণ্ড নে আত্মহত্যা সেয়া বৰ্তমানেও আছে ৰহস্যৰ আৱৰ্তত । তেওঁৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে তেওঁৰ পৰিয়ালত ৷

ঘটনাস্থলীত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথৰ নেতৃত্বত এটি আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৷

লগতে পঢ়ক:মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ব্ৰাউন চুগাৰসহ মহিলা আটক

ABOUT THE AUTHOR

...view details