নলবাৰী,9জানুৱাৰী:নলবাৰীৰ উপায়ুক্ত কাৰ্যালয়ত সংঘটিত হৈছে নিযুক্তি কেলেংকাৰী ৷ এই কেলেংকাৰীত সাঙুৰ খাই পৰিছে জিলা উপায়ুক্ত পূৰৱী কোঁৱৰ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ নাম ৷ এক সংবাদমেলৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই অভিযোগ অনাৰ পিছতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ নলবাৰীত ৷
শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে নিযুক্তি সম্পৰ্কীয় এক অডিঅ'ক্লিপ ৷ য'ত নলবাৰীৰ বিধায়ক অশোক শৰ্মাই জিন্টু দাস বৈশ্য নামৰ এগৰাকী বিজেপি কৰ্মীক বক্ৰ পথেৰে অফিচ পিয়নৰ চাকৰিত নিযুক্তি দিয়াৰ কথা পোহৰলৈ আহিছে ৷ তদুপৰি সাংবাদিকে এই সমগ্ৰ বিষয় সন্দৰ্ভত উপায়ুক্ত পূৰৱী কোঁৱৰক প্ৰশ্ন উত্থাপন কৰাত জিন্টু দাস বৈশ্য নামৰ মহিলাগৰাকীৰ নিযুক্তি বাতিল কৰিবলৈ বাধ্য হয় উপায়ুক্তগৰাকীয়ে ৷ লক্ষণীয় হ'ব, শূণ্য সহণশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰে এই সমগ্ৰ বিষয় সন্দৰ্ভত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে ৷