নলবাৰী, 30 আগষ্ট : কিছুদিন পূৰ্বে নলবাৰীত আত্মসমৰ্পণ কৰিছিল ম’ষ্ট ৱাণ্টেড ডকাইত আনোৱাৰ হুছেইনে ৷ আনোৱাৰৰ আত্মসমৰ্পণৰ পিছতেই নলবাৰী জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আন এগৰাকী ডকাইতৰ ৷ দেওবাৰে নলবাৰী আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰে কুখ্যাত ডকাইত ৰাকিব হুছেইন ওৰফে বুটাই ৷
বিভিন্ন অপৰাধমূলক কামত জড়িত আছিল ৰকিব ওৰফে বুটা । চুৰি-ডকাইতিৰ বহু কেইটা গোচৰ আছে ৰকিবৰ ওপৰত । সুদীৰ্ঘ দিন জেলত থকাৰ পিছত জেলৰ পৰা ওলাই আহি পুনৰ আকৌ চুৰি-ডকাইতি কাৰ্যৰ লগত জড়িত হৈ পৰিছিল কুখ্যাত ডকাইত বুটা । জিলাখনৰ মুকালমুৱাৰ সুতাৰকুছিত ঘৰ ধৃত ৰকিব ওৰফে বুটাৰ । দীৰ্ঘদিনৰ পৰা নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰণি হৈ আছিল বুটা ৷
নলবাৰীত ডকাইতৰ আত্মসমৰ্পণ নলবাৰী আৰক্ষীৰ তীব্ৰ অভিযানৰ হেঁচাত অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল কুখ্যাত ডকাইত বুটাই । দেওবাৰে নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপ আৰক্ষী অধীক্ষক (সদৰ) জিকিৰাণী মহন্তৰ ওচৰত আত্মসমৰ্পণ কৰে বুটাই ।
উল্লেখ্য যে, যোৱা 23 আগষ্টত নলবাৰী আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিছিল কুখ্যাত ডকাইত তথা আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড আনোৱাৰ হুছেইনে ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক হাইজেকৰ মাষ্টাৰ মাইণ্ড আছিল আনোৱাৰ ৷ ইয়াৰোপৰি বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল আনোৱাৰ হুছেইন ৷ অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হিচাপে চিহ্নিত দুৰ্ধৰ্ষ ডকাইত আনোৱাৰ হুছেইনে আৰক্ষীৰ নিদ্ৰাহৰণ কৰি নলবাৰীৰ লগতে সমগ্ৰ অসমত চলাইছিল সন্ত্ৰাস ।
লগতে পঢ়ক :গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুটাকৈ দুধৰ্ষ ডকাইত