নলবাৰী, 22 আগষ্টঃ নলবাৰীৰ উলাবড়ীত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নাওখেল প্ৰতিযোগিতা । হিতসাধিনী পুথিভঁৰালৰ সৌজন্যত পৰম্পৰাগত ভাৱে 1944 চনৰ পৰা পালন কৰি অহা নাওখেল প্ৰতিযোগিতাই এইবাৰ পদাৰ্পণ কৰিছে মহাৰজত জয়ন্তী বৰ্ষত । দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বৃহস্পতিবাৰে অনুষ্ঠিত মহাৰজত জয়ন্তী বৰ্ষৰ প্ৰথম দিনটোত ৭৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলন কৰাৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ।
নলবাৰীত জন্মাষ্টমী উপলক্ষে নাওখেল প্ৰতিযোগিতা - সৰ্বানন্দ সোণোৱাল
দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বৃহস্পতিবাৰে অনুষ্ঠিত মহাৰজত জয়ন্তী বৰ্ষৰ প্ৰথম দিনটোত ৭৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলন কৰাৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই
নলবাৰীত জন্মাষ্টমী উপলক্ষে নাওখেল প্ৰতিযোগিতা
আনহাতে, 23 আগষ্টত পাগলাদিয়া নদীৰ বুকুত অনুষ্ঠিত হ'ব নাওখেল প্ৰতিযোগিতা । মুঠ তেৰখনকৈ নৌকা ই অংশ ল'ব প্ৰতিযোগিতাত । বিয়লিৰ ভাগত অনুষ্ঠিত মুকলি সভাত অংশ ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেবাজনো মন্ত্ৰী-বিধায়কে । নিশা সাংস্কৃতিক অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন কৰিব যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।