অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন ঠাইত চি আৰ ইউৰ তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন

শনিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰভিত্তিক কাম কৰা বিভিন্ন বহুজাতিক দেশী-বিদেশী কোম্পানীৰ মেডিকেল আৰু ছেলচ ৰিপ্ৰেজেন্টিভ সকলৰ উমৈহতীয়া মঞ্চ চি আৰ ইউ এন ই আৰৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জিলাতে 11 বজাৰ পৰা 1 বজালৈ তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ হৈ পৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মেডিকেল আৰু ছেলচ ৰিপ্ৰেজেন্টিভ কৰ্মচাৰীসকল ৷

ৰাজ্যৰ বিভিন্ন ঠাইত চি আৰ ইউৰ তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন

By

Published : Aug 18, 2019, 7:59 AM IST

Updated : Aug 18, 2019, 9:07 AM IST

নিউজ ডেস্ক, 17 আগষ্টঃউত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰভিত্তিক কাম কৰা বিভিন্ন বহুজাতিক দেশী-বিদেশী কোম্পানীৰ মেডিকেল আৰু ছেল্চ ৰিপ্ৰেজেন্টিভ সকলৰ উমৈহতীয়া মঞ্চ চি আৰ ইউ এন ই আৰৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জিলাতে দিনৰ 11 বজাৰ পৰা 1 বজালৈ তিনি ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । কেন্দ্ৰীয় চৰকাৰে শ্ৰম আইন সংশোধন কৰিবলৈ লোৱা ছেল্ছ প্ৰমোছন এমপ্লয়িজ আইন ১৯৭৬ ৰক্ষাৰ দাবীত আৰু চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰোধিতাৰে বঙাইগাঁৱত চি আৰ ইউৱে তিনি ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰে ৷

ৰাজ্যৰ বিভিন্ন ঠাইত চি আৰ ইউৰ তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন

যোৰহাটত চেন্টাৰ অৱ মেডিকেল এন্ড ছেল্ছ ৰিপ্ৰেজেনটেটিভচ্ ইউনিয়নৰ আহ্বান ক্ৰমে আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰে শ্ৰম আইন সংশোধন কৰিবলৈ লোৱা ছেলছ প্ৰমোছন এমপ্লয়িজ আইন ১৯৭৬ ৰক্ষাৰ দাবীত সহস্ৰাধিক মেডিকেল আৰু ছেল্ছ ৰিপ্ৰেজেনটেটিভচে বিক্ষোভ কাৰ্যসূচী পালন কৰে । যোৰহাট জিলা শ্ৰম আয়ুক্ত ভৱন ঘেৰাও কৰি প্ৰতিবাদ কাৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী ছেল্ছ ৰিপ্ৰেজেনটেটিভচ্ সকলে বিভিন্ন দাবী শ্ৰম আইন সংশোধনৰ নামত ছেল্ছ প্ৰমোছন এমপ্লয়িজ আইন 1976 সংশোধন কৰাৰ সিদ্ধান্ত বাতিল কৰক, ঔদ্যোগিক ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত অনুযায়ী ছেলছ প্ৰমোছন এমপ্লয়িজৰ বাবে বিধিবদ্ধ কামৰ প্ৰয়োগ কৰক আদি দাবীৰ সম্বলিত স্মাৰক পত্ৰ শ্ৰম আয়ুক্তৰ যোগেদি কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

নলবাৰীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চি আৰ ইউৰ নলবাৰী জিলা সমিতিয়ে । উল্লেখযোগ্য যে, ছেলছ্ প্ৰমোছন এমপ্লয়িজৰ বাবে এখন অন্যতম আইন হ'ল ছেল্ছ প্ৰমোছন এমপ্লয়িজ এক্ট 1976 আইনখন সলনি কৰি "লেবাৰ ওৱেজ ক’ড" লৈ ৰূপান্তৰ কৰাত সকলো 'ছেল্চ প্ৰমোচনেল এম্প্লইয়ে' সমগ্ৰ ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে । শনিবাৰে সংগঠনটোৰ ডেৰ শতাধিক সদস্যই নলবাৰীৰ পোষ্ট অফিচ চ’কত সমবেত হৈ এই আইনখন সলনি কৰা কাৰ্যক বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Last Updated : Aug 18, 2019, 9:07 AM IST

ABOUT THE AUTHOR

...view details