অসম

assam

ETV Bharat / state

Govt school in Nalbari : নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে লাগিছে হেতা ওপৰা - Crowd at a govt school for entrance exam

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়জয়কাৰৰ সময়তে এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী-অভিভাৱকৰ ভিৰ ৷ পূব নলবাৰীস্থিত বনভাগ খাটা দিহজাৰী হাইস্কুলত ৰাতিপুৱাৰে পৰা বাচনি পৰীক্ষা দিবলৈ ভিৰ কৰে শ শ শিক্ষাৰ্থীয়ে । চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ এই দৃশ্যই এতিয়া সকলোৰে মনত আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে (Crowd at govt schools for selection examination in Nalbari) ।

Crowd at Assam govt schools
নলবাৰীৰ বনভাগ খাটা দিহজাৰী হাইস্কুলত শিক্ষাৰ্থী অভিভাৱকৰ ভিৰ

By

Published : Mar 28, 2023, 7:22 PM IST

Updated : Mar 28, 2023, 8:56 PM IST

নলবাৰীৰ বনভাগ খাটা দিহজাৰী হাইস্কুলত শিক্ষাৰ্থী অভিভাৱকৰ ভিৰ

নলবাৰী, 28 মাৰ্চ : নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে চৰকাৰী শিক্ষাখণ্ডলৈ । যিটো সময়ত ব্যক্তিগত বিদ্যালয়ৰ তুলনাত চৰকাৰীখণ্ডৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ তথা অভিভাৱকৰ অনীহা আহি পৰিছে, সেই সময়তে নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ দৃশ্যই সকলোৰে মনত আশাৰ সঞ্চাৰ ঘটোৱা পৰিলক্ষিত হৈছে । ১৯৭০ চনতে নলবাৰীত স্থাপিত হোৱা বনভাগ খাটা দিহজাৰী হাইস্কুলত নামভৰ্তিৰ বাবে অভিভাৱক-অভিভাৱিকা আৰু ছাত্র-ছাত্রীৰ লানি নিচিঙা সোঁত বৈছে (Crowd at govt school for entrance exam in Nalbari) ।

জিলাখনৰ পূব প্ৰান্তত অৱস্থিত বনভাগ খাটা দিহজাৰী হাইস্কুলত ষষ্ঠ আৰু নৱম শ্ৰেণীত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রী আৰু অভিভাৱকসকলে দোকমোকালিৰে পৰা হেতা-ওপৰা লগোৱা পৰিলক্ষিত হৈছে । বিদ্যালয়খনৰ চৌদিশে তথা জিলাখনত কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় থকাৰ লগতে বিদ্যালয়খনৰ নাতিদূৰত কেইবাখনো চৰকাৰী বিদ্যালয় থকাৰ পিচতো বনভাগ খাটা দিহজাৰী হাইস্কুলত নিজৰ সন্তানক নামভৰ্তি কৰাবলৈ অভিভাৱকসকলে উৎসাহ দেখুওৱা পৰিলক্ষিত হয় (Assam govt school news) ৷

এই সন্দৰ্ভত অভিভাৱকসকলে কয় যে, বিদ্যালয়খনৰ নীতি-নিয়ম, শৈক্ষিক পৰিৱেশ, পৰিস্কাৰ পৰিচ্ছন্নতা, অভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা পাঠদানৰ বাবেই তেওঁলোকে সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়খন পছন্দ কৰিছে ৷ তদুপৰি পাঠদানৰ উপৰিও খেলা-ধূলা, নৃত্য-গীত, অভিনয় আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় বিদ্যালয়খনত ৷

ইয়াৰ লগতে বিভিন্ন প্ৰতিযোগিতাত ছাত্র ছাত্রীসকল অংশগ্ৰহণত শিক্ষক শিক্ষয়িত্রীসকলে সহায় আগবঢ়োৱাৰ লগতে অভিভাৱক-শিক্ষকৰ প্ৰতি মাহে পতা হয় সভা ৷ ছাত্র-ছাত্রীৰ গৃহ পৰিদৰ্শনৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্রীসকলে ছাত্র-ছাত্রীৰ পঢ়া-পাতিৰ খবৰ লোৱাকে ধৰি শিক্ষা প্ৰদানত দিয়া গুৰুত্ব অন্য বিদ্যালয়ৰ তুলনাত যথেষ্ট পৃথক বুলি জানিবলৈ দিয়ে অভিভাৱকসকলে (Bonbhag Khata Dihjari High School)।

উল্লেখ্য যে, প্ৰতিবছৰে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আনহাতে, এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়ে প্ৰতিবছৰে গুণোৎসৱত A+ গ্ৰেড লাভ কৰি চৰকাৰৰ পৰা বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰধান শিক্ষক সূৰ্য কুমাৰ ৰাজবংশীয়ে বিদ্যালয়খনৰ প্ৰতিগৰাকী সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকা উল্লেখনীয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । বৰ্তমানলৈ ৬০২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত অধ্যয়ন কৰি আছে (Gunotsav in Assam)।

বিদ্যালয়খন সন্দৰ্ভত উল্লেখনীয় কথাটো হ’ল এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰমণী কলিতাৰ নেতৃত্বত পৰিচালিত হোৱা মাতৃগোট আৰু অভিভাৱক অভিভাৱিকাৰ সহযোগ । বাচনি পৰীক্ষাৰ বাবে অভাৱনীয় ভিৰ হ’লেও বিদ্যালয়ত পৰ্যাপ্ত সুবিধা অনুযায়ীহে ছাত্র-ছাত্ৰীয়ে নামভৰ্তিৰ সুযোগ পাব বুলি প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । বিদ্যালয়খনত ষষ্ঠ আৰু নৱম শ্ৰেণীৰ বাচনি পৰীক্ষাৰ বাবে ইতিমধ্যে তিনিগুণতকৈও অধিক শিক্ষাৰ্থীয়ে বাচনি পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে প্ৰধান শিক্ষকগৰাকীয়ে (Govt school in Assam) ।

লগতে পঢ়ক :Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

Last Updated : Mar 28, 2023, 8:56 PM IST

ABOUT THE AUTHOR

...view details