নলবাৰী, 18 ডিচেম্বৰ:সমগ্ৰ দেশৰ লগতে মুকালমুৱাতো আন্তৰ্জাতিক সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস পালন ৷ সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস উপলক্ষে সংখ্যালঘু লোকৰ সুৰক্ষাৰ দাবীৰে হাতে হাতে প্লেকাৰ্ড লৈ চি পি আই এম ৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷
হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদি লৈ মুকালমুৱাৰ মাজমজিয়াত এক সমদল উলিয়াই চি পি আই এমে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চি পি আই এমৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সদস্য সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সমালোচনা কৰি অভিযোগ কৰে যে, বৰ্তমানৰ চৰকাৰখনে সংখ্যালঘু লোকৰ অধিকাৰ খৰ্ব কৰিছে ৷