নলবাৰী, ৯ জানুৱাৰী :সমাগত লোকসভা নিৰ্বাচন । আৰম্ভ হৈছে শাসক-বিৰোধীৰ ব্যাপক তৎপৰতা । সোমবাৰে নলবাৰীত অসম গণ পৰিষদে নিৰ্বাচনী ৰণদুন্দুভি বজোৱাৰ পিছত মঙলবাৰে নলবাৰীত ৰণ হুংকাৰ বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰী দল চিপিআইএমৰ । বৰপেটা লোকসভা সমষ্টি বিচাৰি দলটোৱে নলবাৰীৰ পৰা আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা ।
বৰপেটা লোকসভা সমষ্টিত চিপিআইএম দলে প্ৰবল দাবী উত্থাপনেৰে মঙলবাৰে নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় গণজাগৰণ সমাবেশ । এই গণজাগৰণ সমাবেশত উপস্থিত থাকে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মন, ৰাইজৰ দলৰ নলবাৰী জিলাৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তী, চিপিআইএম বিধায়ক মনোৰঞ্জণ তালুকদাৰ, আপ নেতা অঞ্জন বৰ্মনকে প্ৰমুখ্য কৰি চিপিআইএম, অজাপ, ৰাইজৰ দলৰ বহু নেতা-কৰ্মী । পাঁচ সহাস্ৰধিক জনতাৰ উপস্থিতিৰে মঙলবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰীত ৰণডংকা বজায় কমৰেড বাহিনীয়ে ।
আনহাতে, আগন্তুকক লোকসভা নিৰ্বাচনত যাতে বিৰোধীৰ ভোট বিভাজন নহয় তাৰ প্ৰতি সংকল্পবদ্ধ হৈ ইণ্ডিয়া মহাজোঁট বন্ধনে যিগৰাকী প্ৰাৰ্থীক বৰপেটা লোকসভাত প্ৰক্ষেপ কৰিব তাৰ পক্ষত সকলোকে ভোট প্ৰদান কৰাৰ আহ্বান জনায় । মঙলবাৰৰ এই গণজাগৰণত উপস্থিত থাকি প্ৰতিগৰাকী নেতাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনতাক মূল্যবৃদ্ধিকে আদি কৰি কৰ-কাটলেৰে জুৰুলা কৰা বুলি নেতাসকলে ভাষণত তীব্ৰ আক্ৰমণ কৰে ।