নলবাৰী, 28 মে’ : ক’ভিডৰ ভয়াৱহতাৰ সময়চোৱাত স্বাস্থ্যকৰ্মী, আৰক্ষী সকলৰ সমান্তৰালকৈ সাংবাদিক সকলেও নিজৰ জীৱনক তুচ্চ কৰি জনসাধাৰণক প্ৰতিটো সময়ৰ খবৰ সময়ত প্ৰেৰণ দি আহিছে ৷ তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে নলবাৰীত সাংবাদিক আৰু সাংবাদিকৰ পৰিয়াল বৰ্গক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ৷
নলবাৰীত সাংবাদিকক ক’ভিড প্ৰতিষেধক প্ৰদান - জয়ন্ত মল্ল বৰুৱা
জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰচেষ্টাত নলবাৰীত সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালক ক’ভিড প্ৰতিষেধৰ প্ৰদান কৰা হয় ৷

নলবাৰীত সাংবাদিকক ক’ভিড প্ৰতিষেধক প্ৰদান
নলবাৰীত সাংবাদিকক ক’ভিড প্ৰতিষেধক প্ৰদান
নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰচেষ্টাত বৃহস্পতিবাৰে নলবাৰী প্ৰেছ ক্লাবত প্ৰদান কৰা হয় এই ক’ভিড প্ৰতিষেধক ৷ উল্লেখ্য যে, জিলা খনৰ সাংবাদিক আৰু সাংবাদিক সকলৰ পৰিয়ালৰ প্ৰায় দুশ গৰাকীৰ অধিক লোকে প্ৰেছ ক্লাবত ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰে ৷
লগতে পঢ়ক : মাজুলীত খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ