নলবাৰী, 17 মে': ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 3657 গৰাকী । ইয়াৰে সোমবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত সংখ্যা হল 207 গৰাকী । বৰ্তমানো জিলাখনত আক্ৰান্ত হৈ আছে 2271 গৰাকী লোক৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমান জিলাখনত আছে 1997 গৰাকী ৰোগী হোম আইচ'লেচনত আছে ৷
সোমবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য
নলবাৰীত সোমবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত সংখ্যা হল 207 গৰাকী ৷ ক’ভিডৰ দ্বিতীয় ঢৌ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 3657 গৰাকী ৷
সোমবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য
ইয়াৰ উপৰিও নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 77 গৰাকী, বেলশৰ মডেল হাস্পতালত 36 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত আছে 30 আৰু মহাত্মা গান্ধী মডেল হাস্পতালত খাটিকুছিত 43 গৰাকী আৰু সাৰথি হাস্পতালত 23 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ উন্নত চিকিৎসাৰ বাবে জিলাখনৰ 65 গৰাকী ক’ভিড ৰোগীক GMCH ,MMCH আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক :কভিড-১৯ত আক্ৰান্ত হৈ আবছুৰ প্ৰাক্তন সভাপতিৰ মৃত্যু