অসম

assam

ETV Bharat / state

মঙলবাৰে নলবাৰীত ক’ভিড-19ত আক্ৰান্ত হ'ল 100 গৰাকী

বৰ্তমানো নলবাৰী জিলাখনত আক্ৰান্ত হৈ আছে 2351 গৰাকী ক’ভিড-19 আক্ৰান্ত ৷ একেদৰে হ’ম আইচ’লেছনত বৰ্তমানেও জিলাখনত আছে 2049 গৰাকী ৷

মঙলবাৰে নলবাৰীত ক’ভিড-19ত আক্ৰান্ত হ'ল 100 গৰাকী
মঙলবাৰে নলবাৰীত ক’ভিড-19ত আক্ৰান্ত হ'ল 100 গৰাকী

By

Published : May 25, 2021, 10:44 PM IST

নলবাৰী, 25মে’:নলবাৰীত মঙলবাৰৰ দিনটোত পুনৰ 100 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছে ৷ ইয়াকে লৈ নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 4681 গৰাকীলৈ বৃদ্ধি পালে । ইপিনে বৰ্তমানো জিলাখনত আক্ৰান্ত হৈ আছে 2351 গৰাকী ক’ভিড-19 আক্ৰান্ত ৷ একেদৰে হোম আইচলেছনত বৰ্তমানেও জিলাখনত আছে 2049 গৰাকী ৷

আনহাতে, জিলাখনৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় সমূহত চিকিৎসাধীন হৈ আছে যেনে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ ম’ডেল হাস্পতালত 32 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত আছে 28 আৰু মহাত্মা গান্ধী ম’ডেল হাস্পতালত খাটিকুছিত 30 গৰাকী ভৰ্তি হৈ আছে ৷

মঙলবাৰে নলবাৰীত ক’ভিড-19ত আক্ৰান্ত হ'ল 100 গৰাকী

একেদৰে সাৰথি হাস্পতালত 22 গৰাকী আৰু আদাবাৰী ম’ডেল হাস্পাতালত 31 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা জনাইছে নলবাৰী জিলা স্বাস্থ্য বিভাগে।

ইয়াৰ উপৰিও জি এম চি এইচ আৰু এম এম চি এইচ আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 59 গৰাকী ক’ভিড আক্ৰান্তক উন্নত চিকিৎসাৰ বাৱে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ আনহাতে, মঙলবাৰৰ দিনটোত ক’ভিড-19ৰ পৰা জিলাখনত আৰোগ্য লাভ কৰে 80 গৰাকীয়ে ।

লগতে পঢ়কঃ পুনৰ বৰ্ণ বৈষম্যৰ বলি উত্তৰ পূৰ্বাঞ্চল

ABOUT THE AUTHOR

...view details