নলবাৰী,২৮ এপ্ৰিল: ৰাজ্যৰ বাকী সমূহ জিলাৰ লগতে নলবাৰী জিলাতো ভয়ংকৰভাৱে কৰ'ণা সংক্ৰমিত হোৱা দেখা গৈছে । বুধবাৰৰ দিনটোতে উদ্বেগজনকভাৱে জিলাখনত মহামাৰীত আক্ৰান্ত হৈছে ৭৯ গৰাকীকৈ লোক ।
জানিব পৰা মতে আটাইকেইগৰাকী লোক ৰেপিড এণ্টিজেন পৰীক্ষাত ধৰা পৰিছে । কৰ'ণাৰ দ্বিতীয় ঢৌত বৰ্তমানলৈ জিলাখনত আক্ৰান্ত হৈছে ৬৩৪ গৰাকী লোক । এতিয়াও হোম আইচ'লেচনত আছে ৫৪৭ গৰাকী লোক ।
নলবাৰীত বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা ইফালে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ১৭ গৰাকী লোক চিকিৎসাধীন হৈ আছে । ইয়াৰ লগে লগে ক'ভিড স্বাস্থ্যবিধি উলংঘন কৰা সকলৰ বিৰুদ্ধেও কঠোৰ হৈছে জিলা প্ৰশাসন ।
জিলাখনত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত পূৰবী কোৱৰে ঘোষণা কৰিছে যে এতিয়াৰে পৰা কোনো লোকে ক'ভিড স্বাস্থ্য বিধি উলংঘন কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
লগতে পঢ়ক:বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন