নলবাৰী,17 মে’: নলবাৰী জিলাৰ মাখিবাহাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক’ভিড চেণ্টাৰক প্ৰশংসা কৰিছে চেণ্টাৰটোত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীসকলে ৷ চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ উদয় শংকৰ মেধিৰ তত্বাৱধানত ডাঃ দ্বীপজ্যোতি পাঠক, ডাঃ দেৱজিত ডেকা, ডাঃ তাপস কলিতা আৰু কেইবাগৰাকী নাৰ্চৰ লগতে চিকিৎসা কৰ্মীসকলে দিনে-নিশাই ক’ভিড ৰোগীসকলক সেৱা আগবঢ়াই অহাৰ লগতে প্ৰতি মুহুৰ্ততে স্বাস্থ্য পৰীক্ষা কৰি উন্নতমানৰ চিকিৎসা প্ৰদান কৰা বুলি ৰোগীৰ পৰা জানিব পৰা গৈছে ।
আনহাতে চিকিৎসালয়খনত প্ৰতি মুহুৰ্ততে ৰোগীৰ কোঠাসমূহ চাফ-চিকুণ কৰাৰ উপৰিও ৰোগীৰ বিচনাসমূহ চাফ-চিকুণকৈ ৰাখিছে চাফাই কৰ্মীসকলে । ক’ভিড ৰোগীসকল সময়মতে উন্নতমানৰ খাদ্যৰ যোগান ধৰাৰ লগতে ৰোগীসকলক কোনো ধৰণৰ অসুবিধাত পৰিবলৈ দিয়া নাই চিকিৎসালয় কৰ্তৃপক্ষই ।