অসম

assam

ETV Bharat / state

নলবাৰীত সাজু কৰা হ’ল ক’ভিড হাস্পতাল - নলবাৰী

নলবাৰীত ক’ভিড হাস্পতাল আৰম্ভ ৷ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৫০ খন বিচনা ক’ভিড ৰোগীৰ বাবে সাজু ৷ ৫খন ICU বিচনাৰ সৈতে ৭০টা অক্সিজেন চিলিণ্ডাৰ বৰ্তমান মজুত আছে চিকিৎসালয়খনত ৷

covid hospital start in nalbari etv bharat news
নলবাৰীত আৰম্ভ হ’ল ক’ভিড হাস্পতাল

By

Published : Apr 26, 2021, 9:20 PM IST

নলবাৰী, 26 এপ্ৰিল : সমগ্ৰ ৰাজ্যখনৰ সমান্তৰালকৈ লক্ষ্যনীয়ভাৱে নলবাৰীতো বৃদ্ধি পাইছে ক’ভিড মহামাৰীৰ সংক্ৰমণ । দেওবাৰৰ দিনটোলৈকে জিলাখনত সংক্ৰমিত ক’ভিড ৰোগী ৩৪৭ গৰাকী । ইয়াৰে ৩২২ গৰাকী নিজৰ ঘৰতে আছুতীয়া কৈ ৰখা হৈছে । বাকীখিনি গুৱাহাটীত ক’ভিড হাস্পতাললৈকে প্ৰেৰণ কৰা হৈছে । কিন্তু গুৱাহাটীৰ ক’ভিড হাস্পতালত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱাৰ পৰিপেক্ষিতত নলবাৰীৰ ক’ভিড আক্ৰান্ত ৰোগীক নলবাৰীতে চিকিৎসা কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে ।

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত সোমবাৰৰ পৰা ক’ভিড ৰোগী ৰখাৰ বাবে সিদ্ধান্ত লোৱা হয় । এই সম্পৰ্কত নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰৰ সভাপতিত্বত তেওঁৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত অভিজিত সিনহা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাস, অতিৰিক্ত উপায়ুক্ত( স্বাস্থ্য) কল্পনা ডেকা, চক্ৰ বিষয়াসকল, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংচু, জিলা আঁচনি প্ৰবন্ধক মীনাক্ষী বৰপূজাৰী সমন্বিতে চিকিৎসা তথা স্বাস্থ্য বিষয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয় ।

সভাত সিদ্ধান্ত অনুসৰি সোমবাৰৰ পৰা নলবাৰী শ্বহীদ মুকুন্দ কাকতি আসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসা কৰা হ'ব । অৱশ্যে ৰোগীক অধিক উন্নত চিকিৎসাৰ প্ৰয়োজন হ'লে গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব । ৰাজ্য চৰকাৰৰ ক’ভিড নিয়মাৱলী সম্পূৰ্ণৰূপে মানি ক’ভিড ৰোগীৰ চিকিৎসা কৰা হ'ব । এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ'ব । ক’ভিড ৰোগীৰ বাবে বৰ্তমানে এহেজাৰ ভিটামিন চি টেব্লেট আৰু জিংকৰ সাত হেজাৰ টেব্লেট আছুতীয়াকৈ মজুত ৰখা হৈছে । তদুপৰি অহা ২০ দিনৰ ভিতৰত আৰু ঔষধ যোগান ধৰা হ'ব বুলি সভাত সংশ্লিষ্ট বিষয়াই জনায় । ইয়াৰ উপৰিও যদি অতিৰিক্ত ঔষধৰ প্ৰয়োজন হয় তেতিয়াহ'লে কৰ্তৃপক্ষই স্থানীয়ভাৱে কিনাৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰে ।

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৫০ খন বিচনা ক’ভিড ৰোগীৰ বাবে সাজু । ৫খন ICU বিচনাৰ সৈতে ৭০টা অক্সিজেন চিলিণ্ডাৰ বৰ্তমান চিকিৎসালয়খনত মজুত আছে । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত যদিহে ক’ভিড ৰোগী অধিক হয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত নলবাৰীৰ আদৰ্শ হাস্পতাল আৰু এফ আৰ ইউ বিলাকতো ৰখাৰ ব্যৱস্থা কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হয় । ক’ভিড ৰোগী বৃদ্ধি হোৱা সাপেক্ষে প্ৰয়োজনীয় বুলি ভাবিলে বিভিন্ন এলেকাত কন্টেইনমেন্ট জ'ন বনাই ল'ব পাৰিব স্থানীয় চিকিৎসা বিষয়াই । নিয়মীয়াভাৱে ছেনিটাইজ কৰা হ'ব হাস্পতালবিলাক । নিজৰ ঘৰত আছুতীয়া কৰি ৰখা লোক সন্দৰ্ভত সংশ্লিষ্ট চক্ৰ বিষয়া, গাঁওবুঢ়া, পঞ্চায়তৰ সদস্য আদিক জনোৱাৰ ব্যৱস্থা কৰিবলৈ চিকিৎসা বিষয়াসকলক কোৱা হয় ।

লগতে পঢ়ক :ব্যতিক্ৰমী সাজেৰে ইনষ্টাগ্ৰাম কঁপাইছে মৌনী ৰয়ে

ABOUT THE AUTHOR

...view details