অসম

assam

ETV Bharat / state

বিহু উদযাপনত ক’ভিড-১৯ ৰ নিৰ্দেশনা জাৰি - উপায়ুক্ত পূৰৱী কোৱঁৰ

কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে অসমীয়াৰ আয়ুসৰেখা তথা চহা অসমীয়াৰ স্বাভিমান ৰঙালী বিহুটি উদযাপন কৰিবলৈ এতিয়া ব্যস্ত সকলো । কিন্তু কৰ'ণাই যেন বাট ভেটিলে ৰঙালীৰ ৰঙত মতলীয়া হোৱাৰ পৰা । শুকুৰবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিহু উদযাপনক লৈ জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ।

বহাগ বিহু উদযাপনৰ বাবে সষ্টম নলবাৰী জিলা প্ৰশাসন
বহাগ বিহু উদযাপনৰ বাবে সষ্টম নলবাৰী জিলা প্ৰশাসন

By

Published : Apr 12, 2021, 6:00 PM IST

নলবাৰী,১২ এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন বহাগ বিহুলৈ মাজত এটা দিন হে বাকী । বিগত বৰ্ষত কৰ'ণাৰ বিভীষিকা আৰু লক ডাউনৰ বাবে ৰাজ্যবাসীয়ে ৰঙালীৰ ৰঙত মতলীয়া হ'ব পৰা নাছিল । এইবাৰ উলহ-মালহেৰে বিহু উদযাপন কৰিব পাৰিব বুলি সকলোৱে আশা কৰিছিল যদিও ইতিমধ্যেই কৰ'ণাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে । শুকুৰবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিহু উদযাপনক লৈ জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । বিভাগে ৰঙালী বিহু উদযাপন কৰোতে কিছুমান নীতি-নিৰ্দেশনা মানি চলিবলৈ বিহু উদযাপন কমিটfসমূহক আহ্বান জনাইছে ৷ যাতে হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰোতে ক'ভিড-১৯ মহামাৰীয়ে প্ৰাদুৰ্ভাৱ নঘটায় । তাৰ বাবে নলবাৰী জিলা প্ৰশাসনো সষ্টম হৈ উঠিছে ।

বহাগ বিহু উদযাপনৰ বাবে সষ্টম নলবাৰী জিলা প্ৰশাসন

এই নিয়মাৱলী সন্দৰ্ভত সোমবাৰে নলবাৰীত স্বাস্থ্য বিভাগৰ চিকিৎসক বিষয়াসকলৰ লগত উপায়ুক্ত পূৰৱী কোঁৱৰৰ সভাপতিত্বত উপায়ুক্তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত বিহু উদযাপন কৰোতে মানিবলগীয়া ক'ভিডৰ নিয়মাৱলী বিহু আয়োজকক জনাবলৈ চক্ৰ বিষয়াসকলক আহ্বান জনোৱা হয় । চিকিৎসক, বিষয়াসকলক ক'ভিডৰ সতে সাম্ভাব্য পৰিস্থিতিত যুঁজ দিবলৈ প্ৰস্তুত থাকিবলৈও উপায়ুক্ত কোঁৱৰে আহ্বান জনায় । এই সভাত অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, ফিৰডৌচ আলম শ্বেইখ আৰু ছয়নিকা ঠাকুৰীয়া, চক্ৰ বিষয়াসকল আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচুৰ লগতে আন চিকিৎসা বিষয়াসকল উপস্থিত থাকে ।

বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি, বিহুতলীত গেট থাকিলেও প্ৰৱেশ আৰু প্ৰস্থানৰ কেইবাখনো যেন গেট থাকে সেয়াও নিশ্চিত হ'ব লাগিব । বিহু উদযাপন সমিতিয়ে যথেষ্ট সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব ৷ যাতে তেওঁলোকে বিহুতলীলৈ অহা লোকসকলৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখিব পাৰে । বিহু উদযাপন সমিতিৰ বিষয়-ববীয়াসকলৰ লগতে স্বেচ্ছাসেৱকসকলেও বিহু পতাৰ পূৰ্বে আৰু বিহু পতাৰ পিছতো ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক ৷

ক'ভিড-১৯ গাইডলাইন

বিহুতলীৰ ঠাই অনুসৰি যাতে জন সমাগম বেছি নহয় অৰ্থাৎ অতিমাত্ৰা ভীৰ যেন নহয় সেয়াও বিহু আয়োজক কমিটিৰ লোকে লক্ষ্য ৰাখিব লাগিব । বিহুতলীত সমবেত হোৱা সকলো লোকে যেন মাস্ক পৰিধান কৰে সেয়াও আয়োজকসকলে লক্ষ্য ৰাখিব লাগিব । ছেনিটাইজাৰো বিহুতলীত ৰাখিব লাগিব । জিলা প্ৰশাসনৰ পৰা আয়োজকসকলে বিহু পাতিবলৈ অনুমতি বিচৰা সময়ত জনাব লাগিব তাত সাম্ভাব্য কিমান মানুহ গোট খাব ৷ তেতিয়াহে জিলা প্ৰশাসনে আৱশ্যকীয় সহায়-সহযোগ আগবঢ়াবলৈ সুবিধা হ'ব । আনহাতে নিশা ১১ বজাৰ আগত বিহুৰ অনুষ্ঠান সামৰিব লাগিব । সকলো বিহুতলী ছেনিটাইজ কৰাটো বাধ্যতামূলক ।

বিহুৰ অনুষ্ঠান আয়োজন কৰোতে জন সাধাৰণক ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমত ক'ভিড-১৯ ৰ নিয়মাৱলী পালন কৰাৰ বিষয়ে সজাগ কৰিব লাগিব । বিহুতলীত ঠায়ে-ঠায়ে পোষ্টাৰ লগাব লাগিব যাতে ক'ভিড-১৯ ৰ প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰত আৰু ক'ভিডৰ নিয়মাৱলী পালন কৰিবলৈ সাধাৰণ লোক উৎসাহিত হয় ।

লগতে পঢ়ক: থলুৱা গামোছাৰে বজাৰ দখলৰ প্ৰচেষ্টা কলিয়াবৰ ছাত্ৰ সংন্থাৰ

ABOUT THE AUTHOR

...view details