অসম

assam

ETV Bharat / state

মাখিবাহা গাঁও পঞ্চায়তৰ উদ্যোগত ক’ভিড সজাগতা

মাখিবাহা গাঁও পঞ্চায়তৰ উদ্যোগত উলিওৱা হয় এক ক’ভিড সজাগতা অভিযান ৷ এই অভিযানত সজাগতা অভিযানকাৰী দলটোৱে বিভিন্ন স্থানত চেনিটাইজেচনৰ ব্যৱস্থা কৰাৰ লগতে মাস্ক বিতৰণ কৰে ৷

মাখিবাহা গাঁও পঞ্চায়তৰ উদ্যোগত ক’ভিড সজাগতা অভিযান
মাখিবাহা গাঁও পঞ্চায়তৰ উদ্যোগত ক’ভিড সজাগতা অভিযান

By

Published : May 30, 2021, 1:57 PM IST

নলবাৰী,30 মে’: শনিবাৰে কৰ’ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি টিহুৰ মাখিবাহাত ৪১ নং মাখিবাহা গাঁও পঞ্চায়তৰ উদ্যোগত উলিওৱা হয় এক সজাগতা অভিযান ৷ গাঁৱখনৰ বিভিন্ন স্থানত পথসভা পাতি অনুষ্ঠিত কৰা হয় এই সজাগতা অভিযান ৷

সজাগতা অভিযানকাৰী দলটোৱে মাস্ক পৰিধান কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু অযথা ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনায় ৷ লগতে ক’ভিড প্ৰট’কল সকলোকে মানি চলিবলৈ পৰামৰ্শ প্ৰদান কৰে ৷ এই অভিযানকাৰী দলটোৱে সকলো পথচাৰীকে একোখন মাস্ক প্ৰদান কৰে ।

মাখিবাহা গাঁও পঞ্চায়তৰ উদ্যোগত ক’ভিড সজাগতা অভিযান

ইয়াৰ উপৰিও এই অভিযানকাৰী দলটোৰ উদ্যোগত বেংক, ডাকঘৰ, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থানত চেনিটাইজেচন কৰা হয় । মাখিবাহা গাঁও পঞ্চায়তৰ সভাপতি নৱ কুমাৰ শৰ্মাৰ নেতৃত্বত চলা সজাগতা অভিযানত মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি ফণীন্দ্ৰ নাথ দাস, পৰামৰ্শদাতা গণেশ দত্ত, দেৱব্ৰত শৰ্মা আদি কেইবাজনো ব্যক্তিয়ে সজাগতামূলক ভাষণ প্ৰদান কৰে । কৰ’ণা মহামাৰীৰ এই সজাগতা অভিযানত মাখিবাহা গ্ৰামোন্নয়ন সমিতি, আশা কৰ্মী, গাঁওবুঢ়া তথা ৰাইজে অংশ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:কলগাছিয়া অসামৰিক চিকিৎসালয় আকস্মিক পৰিদৰ্শন উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details