নলবাৰী, ২৯ মাৰ্চ: ভাৰতৰ বিভিন্ন ৰাজ্যত ক্ৰমান্বয়ে COVID-১৯ৰ সংক্ৰমণ পুনৰ বৃ্দ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । সমান্তৰালকৈ অসমতো মুখ্য সচিবে মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে সাৱধনতা অৱলম্বন কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । মুখ্য সচিবৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে নলবাৰীত ১৪৪ ধাৰা জাৰি কৰা হয় ।
জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে ১৪৪ ধাৰা জাৰি কৰি ৰাইজক সজাগ আৰু সৱধান হৈ থাকিবলৈ আহ্বান জনায় । নিৰ্দেশনা অনুসৰি মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ জন সমাৱেশৰ আঁতৰি থাকিবলৈ কোৱা হৈছে । লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে ।