নলবাৰী,30 মাৰ্চঃ কৰ'ণাৰ আতংকৰ বাবে দেশৰ লগতে ৰাজ্যত বলৱৎ হৈ থকা লক ডাউনে পেলাইছে ব্যাপক প্ৰভাৱ পেলাইছে অৰ্থনৈতিক ক্ষেত্ৰত । লক ডাউনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সমস্যাত পৰিছে নলবাৰী জিলাৰ গো পালক সকল ৷ উৎপাদিত গাখীৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত গো-পালক সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে।অৱেশ্যে পশুপালন বিভাগে উৎপাদিত গাখীৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ঠায়ে ঠায়ে 'গাখীৰ বিক্ৰী কেন্দ্ৰ' স্থাপন কৰি দিছে যদিও আগৰ তুলনাত যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব লগাত পৰিছে গো-পালক সকল। আনহাতে পশুধনৰ বাবে বিভাগীয় কৰ্তৃপক্ষই পশুখাদ্য যোগান ধৰিলেও সেয়া পৰ্য্যাপ্ত হোৱা নাই ।এনেদৰেই এতিয়া কৰ'ণাৰ প্ৰভাৱত গ্ৰাম্য অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰা গো-পালক সকলে চিন্তা আৰু শংকাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে ৷
কৰ'ণা আতংকঃনলবাৰীত সমস্যাৰ সন্মুখীন গো-পালক - নলবাৰীত সমস্যাৰ সন্মুখীন গো-পালক
দেশৰ লগতে ৰাজ্যত বলৱৎ হৈ থকা লক ডাউনে ব্যাপক প্ৰভাৱ পেলাইছে অৰ্থনৈতিক ক্ষেত্ৰত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সমস্যাত পৰিছে নলবাৰী জিলাৰ গো পালক সকল ৷
কৰ'ণা আতংকঃনলবাৰীত সমস্যাৰ সন্মুখীন গো-পালক
নলবাৰীত সমস্যাৰ সন্মুখীন গো-পালক