নলবাৰী,28 জুন:কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে বিবুধিত পৰিছে নলবাৰীৰ এটা দুখীয়া পৰিয়াল । বিগত ১৭ জুনত কোভিডত আক্ৰান্ত বুলি জিলাখনৰ স্বাস্থ্য বিভাগ,আৰক্ষী,চক্ৰ বিষয়া আদিকে ধৰি বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াই বালিজাৰৰ ৰাহেমা বেগম নামৰ মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাজনিত কাৰণত লৈ যায় ৷ কিন্তু এসপ্তাহৰ ভিতৰতে মাত্ৰ দুটা পৰীক্ষা কৰাৰ অন্তত ভাড়াতীয়া বাহনেৰে দেওবাৰে ঘৰত থৈ যায় ৰোগী গৰাকীক ৷ উক্ত ঘটনাৰ পিছতে অঞ্চলব্যাপী সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ লগতে একেদিনাই মহিলাগৰাকীৰ স্বামী আলিমুদ্দিন আলীকো কোভিড পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে লৈ গৈছিল যদিও এইপৰ্যন্ত ব্যক্তিগৰাকীৰ কোনো শুংসূত্ৰ নাই বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷
আনহাতে, দম্পতীটোৰ পুত্ৰ জমচেৰ আলীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি 2015 বৰ্ষৰ পৰা মাতৃ বিষৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল । শেহতীয়াকৈ মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰোৱা হয় জিএনআৰচি চিকিৎসালয়ত ৷ চিকিৎসালয়ত মহিলাগৰাকীৰ বুকু আৰু তেজৰ পৰীক্ষা কৰাৰ লগতে বায়’প্সী কৰিবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়ায় ৷ বায়’প্সীত মহিলাগৰাকীৰ শৰীৰত কৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰাত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ স্থানাস্তৰিত কৰাৰ পৰামৰ্শ আগবঢ়াই জিএনআৰচি কৰ্তৃপক্ষই । সেইমৰ্মে মহিলাগৰাকীক বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ নিয়া হয় যদিও চিকিৎসালয় কৰ্তৃপক্ষই Covid 19 ৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে মহিলাগৰাকীৰ পৰিয়ালক ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি পৰিয়ালটোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহিলাগৰাকীৰ নমুনা পৰীক্ষাৰ বাবে গৈছিল ৷ চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ নমুনা সংগ্ৰহৰ পিছতে ঘৰলৈ অহাৰ অনুমতি প্ৰদান কৰে ৷ 17 জুনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই ৰাহেমাৰ দেহত Covid 19 ৰ উপস্থিতি ধৰা পৰাৰ কথা পৰিয়ালক ব্যক্ত কৰে ৷ ফলত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ এটা দলে মহিলাগৰাকীক চিকিৎসাজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰ বাবে বালিজাৰস্থিত মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হয় ৷ কিন্তু উক্ত ঘটনাৰ চৈধ্য দিন সম্পূৰ্ণ হোৱাৰ সলনি এসপ্তাহ পূৰ্ণ হোৱাৰ পিছতে এখন ভাড়াতীয়া বাহনেৰে মহিলাগৰাকীক অকলে ঘৰলৈ পঠিয়াই দিয়ে জিএমচিএইচ কৰ্তৃপক্ষই ৷ স্বাস্থ্য বিভাগৰ উক্ত কাণ্ডজ্ঞানহীনতাত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজৰ মাজত ৷