অসম

assam

ETV Bharat / state

নলবাৰীৰ শিক্ষা বিভাগত জালিয়াতি : বয়স ফাঁকিৰে কৰ্মৰত শিক্ষক-কৰ্মচাৰী - বয়স ফাকিৰে কৰ্মৰত শিক্ষক কৰ্মচাৰী

নলবাৰী জিলাৰ শিক্ষা বিভাগত ব্যাপন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কে জালিয়াতিৰ আশ্ৰয় লৈ কৰি আছে চাকৰি । বয়স ফাকিৰে কৰি আছে চাকৰি ।

Corruption in nalbari education department
বয়স ফাকিৰে কৰ্মৰত শিক্ষক-কৰ্মচাৰী

By

Published : Sep 22, 2021, 9:09 PM IST

নলবাৰী, 22 ছেপ্টেম্বৰ :নলবাৰী জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কে জালিয়াতিৰ আশ্ৰয় লৈ কৰি আছে চাকৰি । বয়স ফাঁকিৰে কৰি আছে চাকৰি । দুবছৰ পূৰ্বেই অৱসৰ পাবলগীয়া কৰ্মচাৰী তৰুণ বৰ্মনে বয়স ফাঁ‌কিৰে এতিয়াও চৰকাৰী চাকৰীত কৰ্মৰত হৈ আছে ।

বয়স ফাকিৰে কৰ্মৰত শিক্ষক-কৰ্মচাৰী

তথ্য মতে, দুবছৰ পূৰ্বেই চাকৰিৰ পৰা অৱসৰ ল'ব লগা তৰুণ বৰ্মনৰ চাৰ্ভিছ বুকত জন্মৰ তাৰিখ লিখা আছে ১-০৭-১৯৬২। কিন্তু চিয়াহীৰ দাগ পেলাই থোৱা দেখি সন্দেহ হোৱাত প্ৰকৃত তথ্য বিচাৰে শিক্ষা বিষয়া সীমান্ত ডেকাই । তৰুণ বৰ্মনে নিজে বয়সৰ প্ৰমান পত্ৰ দাখিল নকৰাত সীমান্ত ডেকাই তথ্য বাহিৰ কৰি দেখে যে তৰুণ বৰ্মনৰ প্ৰকৃত জন্ম তাৰিখ হ’ল ১-০৭- ১৯৫৯ ৷

এই তথ্য পোহৰলৈ অহাৰ পাছত বিদ্যালয় সমূহৰ পৰিদৰ্শকে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে । পশ্চিম বৰভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক উমেশ চন্দ্ৰ দাসৰ নামো সাঙোৰ খাইছে এই বয়স ফাঁকি কেলেংকাৰীত ।

লগতে পঢ়ক:ভূ-মাফিয়া আৰক্ষীৰ জালত পৰাৰ পাছতে বুকু দুৰু দুৰু কঁপিছে ৰৌ-বৰালীৰ

ইতিমধ্যে শিক্ষক উমেশ চন্দ্ৰ দাসৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষাই । একেদৰে নলবাৰীৰ ঠুটিকাটাৰ ডেকাবৰুৱাৰ ভূই এম ই মাদ্ৰাছাৰ শিক্ষক আলাউদ্দিন দেৱানেও শিক্ষাৰ প্ৰমান পত্ৰ জালিয়াতিৰে চাকৰি কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ মতে, মেট্ৰিক ফেইল আলাউদ্দিন দেৱানে শিক্ষাগত অৰ্হতাৰ প্ৰমানপত্ৰ জাল কৰি ১৯৯২ চনৰ পৰা কৰি আছে চাকৰি ৷ পশ্চিম নলবাৰী খণ্ড সমল কেন্দ্ৰৰ বিষয়া সমীন বৈশ্যই দেৱানৰ বিৰুদ্ধে বেলশৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

লগতে পঢ়ক:পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

ABOUT THE AUTHOR

...view details