নলবাৰী,৮ এপ্ৰিল :অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে । বিজেপি চৰকাৰৰ দিনত ৰাজ্যত দুৰ্নীতি সংঘটিত হ'ব নোৱাৰিব বুলিও সকীয়াই দিছে মুখ্যমন্ত্ৰীয়ে । কিন্তু তাৰ পাচতো অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিটো বিভাগতে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । এইবাৰ ৰাজ্যখনৰ পঞ্চায়তে পঞ্চায়তে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Corruption in Panchayat)।
শেহতীয়াকৈ নলবাৰীৰ ৬৪ নং ভাংনামাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Corruption in Panchayat of Nalbari)। এই সন্দৰ্ভত সংবাদমাধ্যমত ধাৰাবাহিকভাৱে বাতৰিও সম্প্ৰচাৰ হৈছে । বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ভাংনামাৰী গাঁও পঞ্চায়তত PMAYৰ হিতাধিকাৰীসকলৰ শ্ৰমিকৰ বাবদ চৰকাৰে দিয়া ধন পঞ্চায়ত সভানেত্ৰী, সচিব তথা মধ্যভোগীয়ে আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল (PMAY scam in Nalbari)।
অন্য লোকৰ জবকাৰ্ড ব্যৱহাৰ কৰি হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে সভানেত্ৰী মমতাজ খাতুন আৰু সচিব ফৰিদুৰ ৰহমানে একাংশ হিতাধিকাৰীক ওভতাই দিছে ধন । ইয়াৰ জৰিয়তে একাংশ হিতাধিকাৰীৰ মুখ বন্ধ কৰাৰো চেষ্টা চলাইছে পঞ্চায়তৰ প্ৰতিনিধিসকলে । ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে পঞ্চায়তৰ প্ৰতিনিধিসকল দুৰ্নীতিত জড়িত থকাৰ অভিযোগ সঁচা আছিল (Corruption of Panchayat Representatives)।