নলবাৰী,10 মে’ঃএক উৰা বাতৰিয়ে শনিবাৰৰ দিনটোত ত্ৰস্তমান কৰে নলবাৰীবাসীক ৷ চহৰখনৰ অন্যতম ব্যৱসায়িক প্ৰতিষ্ঠান ৰুমা বেকাৰীৰ এগৰাকী কৰ্মচাৰী Covid 19 ত আক্ৰান্ত হোৱাৰ উৰাবাতৰি প্ৰচাৰ কৰে এটা দুষ্টচক্ৰই ৷ উৰা বাতৰিটোৰ ফলত চহৰখনত স্বাভাৱিকতে একপ্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ উল্লেখ্য় যে, প্ৰতিষ্ঠানটোৰ এগৰাকী মুছলমান কৰ্মচাৰীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ উৰাবাতৰি বিয়পি পৰিছিল চহৰখনত ৷ এই উৰাবাতৰি নসাৎ কৰি বেকাৰীখনৰ স্বত্বাধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ জনাই যে, প্ৰতিষ্ঠানখনত নাই এজনো মুছলমান কৰ্মচাৰী ৷
উৰাবাতৰিঃ নলবাৰীত COVID-19ৰ আতংক - Corona Virus remour
নলবাৰীস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান ৰুমা বেকাৰীৰ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত বুলি উৰাবাতৰি প্ৰচাৰ হোৱাৰ পিছতে একপ্ৰকাৰৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয় চহৰখনত ৷ শনিবাৰৰ দিনটোত সংঘটিত এনে কাণ্ডত প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে সকলো অভিযোগ নসাৎ কৰে ৷
![উৰাবাতৰিঃ নলবাৰীত COVID-19ৰ আতংক corona remour spread at nalbari assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7140121-thumbnail-3x2-a.jpg)
কৰ’ণা আতংকত ভীতিগ্ৰস্ত নলবাৰীবাসী
কৰ’ণা আতংকত ভীতিগ্ৰস্ত নলবাৰীবাসী
আনহাতে, বেকাৰীখনৰ কোনো কৰ্মচাৰীৰ দেহত Covid 19 ৰ কোনো লক্ষণ দেখা দিলে প্ৰশাসন তথা স্বাস্থ্য বিভাগক বিষয়টো অৱগত কৰাৰ পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰে স্বত্বাধিকাৰী ৰণজিৎ ডেকাই ৷ ঘটনা সন্দৰ্ভত প্ৰশাসনক সকলো কথা অৱগত কৰিছে প্ৰতিষ্ঠানখনৰ মালিকপক্ষই ৷
লগতে চাওকঃকৃষক সন্মান নিধিৰ তালিকাত পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয়ৰ নাম !