নলবাৰী,29 এপ্ৰিল: অসমীয়া লোক-সংস্কৃতিৰ পৰিচয় বহন কৰা জাপি শিল্পলৈ নামি আহিছে অশনি সংকেত ৷ নলবাৰীৰ জাপি শিল্পক ক্ৰমাৎ যেন গ্ৰাস কৰিব লৈছে কাল কৰ'ণাই ৷ অতীজৰে পৰা সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি অহা নলবাৰীৰ বিখ্যাত জাপিৰ আছে এক সুকীয়া পৰিচয় ৷ কিন্তু সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ'ণাই দেশ তথা ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগসমূহলৈ লৈ আহিছে সংকট । সাতামপুৰুষীয়া এই উদ্যোগতো বন্ধ হৈ আছে বিগত বছৰৰ পৰা ৷
কেৱল মাত্ৰ জাপি ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি পেটৰ ভাত মোকোলোৱা জিলাখনৰ কৰ্দৈতোলা, মুগকুছি, বালা মুগকুছি, তিলানা, তেৰেছিয়া আদি গাঁৱৰ জাপি শিল্পীসকলৰ জীৱনলৈ নামি আহিছে ভাবুকি ৷ এইবেলি বিহু অনুষ্ঠিত হোৱাৰ আশা পুহি ৰাখিছিল ৷ কিন্তু পুনৰ মহামাৰীৰ সংহাৰ আৰম্ভ হোৱাত দিকবিদিক হেৰুৱাই পেলাইছে শিল্পীসকলে ৷