নলবাৰী,13 মাৰ্চঃকৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শুকুৰবাৰে নলবাৰীৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ তৎপৰতাত উপায়ুক্তৰ সভাকক্ষত এক জৰুৰীকালীন সভা অনুষ্ঠিত কৰা হয় ৷ সভাখনত অংশগ্ৰহণ কৰে স্বাস্থ্য বিভাগকে আদি কৰি জিলাখনৰ সকলো বিভাগৰ মুৰব্বী তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ৷ উক্ত সভাত কৰ’ণা ভাইৰাছ সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয় ৷ উল্লেখ্য যে, সভাখনৰ জৰিয়তে জিলাখনলৈ বিদেশ বা বহিঃৰাজ্যৰ কোনো ব্যক্তিৰ আগমন হ'লে গাঁওবুঢ়াসকলক চক্ৰ বিষয়াক অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ৷ ইয়াৰ বাবে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ইতিমধ্যে আছুতীয়া বিচনা আৰু কক্ষ স্থাপন কৰা হৈছে । প্ৰয়োজন সাপেক্ষে ইয়াৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।
আনহাতে, কোনো ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ লক্ষণসমূহ পৰিলক্ষিত হ'লে ব্যক্তিগৰাকীক আছুতীয়াকৈ ৰখাৰ উপৰিও নমুনা সংগ্ৰহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্দিষ্ট পৰীক্ষাগাৰলৈ পঠোৱাৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । জিলাখনত ১০৮সেৱা আৰু এম্বুলেঞ্চসমূহ যাতে ২৪ঘণ্টা সাজু হৈ থাকে তাৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে উপায়ুক্ত চৌধুৰীয়ে ৷