নলবাৰী, ১২ অক্টোবৰ :বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰযোজিত আৱাহন থিয়েটাৰক লৈ বিতৰ্ক অব্যাহত আছে (Abahan theatre)। থিয়েটাৰখনৰ মঞ্চত এইবছৰৰ প্ৰদৰ্শিত নাট 'লভিতা'ক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Lavita drama in Abahan theatre)।গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক 'লভিতা'ক বিকৃতভাৱে ভ্ৰাম্যমান থিয়েটাৰ আৱাহনে মঞ্চস্থ কৰা কাৰ্যক সমালোচনা কৰিছে বিভিন্নজনে । চৌদিশে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে সচেতন মহল (Dramatist Abhijeet Bhattacharya)। ভাৰতীয় গণনাট্য সংঘই ইতিমধ্যে নাটখন ডিব্ৰুগড় মঞ্চস্থ কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিছে ।
এই বিতৰ্ক চলি থকাৰ মাজতে নলবাৰীৰ পকোৱাত আৱাহন থিয়েটাৰৰ মঞ্চত মঙলবাৰে মঞ্চস্থ হ'ল 'লভিতা' নাটখনিৰ দুটাকৈ দৰ্শনী (Lavita drama staged in Nalbari)। দৰ্শনীৰ পাছতে অভিজিৎ ভট্টাচাৰ্যই গণনাট্য সংঘৰ হুংকাৰৰ প্ৰত্যুত্তৰত কয় যে আহ্বায়ক কমিটীয়ে যি নাট মঞ্চস্থ কৰিবলৈ দিয়ে সেয়াই কৰা হ'ব । এই ক্ষেত্ৰত তেওঁ সিদ্ধান্তৰ বল ঠেলিলে আৱাহন কৰ্তৃপক্ষলৈ । ইফালে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিত কোনেও হাত দিব নালাগে বুলি জনোৱা আহ্বানৰো তেওঁ প্ৰত্যুত্তৰ দিয়ে ।