অসম

assam

ETV Bharat / state

Congress Protest In Nalbari: মথাউৰি নিৰ্মাণৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ৰাজ্য চৰকাৰে বাৰিষাৰ পূৰ্বে বানে ছিগা মথাউৰিসমূহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশনা দিয়াৰ পিচতো এতিয়ালৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ নহ’ল কিছু অঞ্চলত ৷ ভগ্ন মথাউৰি নিৰ্মাণৰ দাবীত নলবাৰীৰ ধৰ্মপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে (Embarkment reconstruction in Nalbari)৷

Congress Protest to demanding embarkment In Nalbari
মথাউৰি নিৰ্মাণৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : Apr 4, 2023, 9:49 PM IST

মথাউৰি নিৰ্মাণৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

নলবাৰী, ৪ এপ্ৰিল: বাৰিষালৈ মাজত মাথোঁ কেইটামান দিন ৷ বাৰিষাৰ আগমনৰ লগে লগে শংকিত হৈ পৰিছে পশ্চিম নলবাৰীৰ নৈ পৰীয়া কেইবাখনো গাঁৱৰ ৰাইজ । পশ্চিম নলবাৰীৰ আমনি, সাহপুৰ, পখুৰা, লখোপুৰ, পূৰ্ণি আদি গাঁৱৰ মাজেৰে বৈ যোৱা বুঢ়াদিয়া নদীৰ মথাউৰি মেৰামতি নকৰাক লৈ শংকিত হৈছে বানপ্ৰৱণ অঞ্চলসমূহৰ ৰাইজ (demanding embarkment reconstruction In Nalbari)৷

বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানৰ সময়ত বুঢ়াদিয়া নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলাই মথাউৰিসমূহত খহনীয়াৰ সৃষ্টি কৰাৰ লগতে কেইবাঠাইতো মথাউৰি ছিগাৰ ফলত কেইবাখনো গাঁও প্লাবিত হৈছিল ৷ ফলত এনে সময়তে মঙলবাৰে নলবাৰী জিলা কংগ্ৰেছ (Nalbari state congress) আৰু পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ছিগা মথাউৰিসমূহ মেৰামতি নকৰাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Congress Protest In Nalbari)।

নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ নেতৃত্বত কংগ্ৰেছৰ শতাধিক নেতা কৰ্মীয়ে পশ্চিম নলবাৰীৰ চামতাৰ জামৰতলত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । ইয়াৰ পিছতে নলবাৰী-সৰ্থেবাৰী পল্লা পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে (Protest to demanding embarkment reconstruction) । প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

উল্লেখ্য যে বিগত বৰ্ষৰ মে’ আৰু জুন মাহত হোৱা প্ৰলয়ংকাৰী বানৰ সময়ত পশ্চিম নলবাৰীৰ বিভিন্ন ঠাইত মথাউৰি ছিগাৰ ফলত ৰাইজে দুৰ্ভোগ ভোগাৰ পিচতেই খৰালী মাহত কিয় মথাউৰিসমূহ মেৰামতি কৰা নহ'ল বুলি নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে চৰকাৰক প্ৰশ্ন কৰে । বানৰ পিচতে বান বিধ্বস্ত মথাউৰিসমূহ মেৰামতি কৰিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ কিয় কাৰ্যকৰী নহ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাতুল পাটোৱাৰীয়ে । অতি সোনকালে ভগ্ন মথাউৰিসমূহ মেৰামতি নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে নলবাৰী জিলা কংগ্ৰেছৰ নেতাসকলে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি দিলীপ ডেকা, যুৱ কংগ্ৰেছৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ সভাপতি ইমৰাদুল হক, এন-এছ-ইউ-আইৰ জিলা সভাপতি ৰফিকুল ইছলামসহ কেইবাজনো নেতাই অংশ লয় । পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, সম্পাদক দিব্যজ্যোতি হালৈ সহ প্ৰতিবাদকাৰীসকলক টানি চোঁচৰাই লৈ যায় ।

লগতে পঢ়ক:Jorhat transport department record: 63 কোটি টকাৰ কৰ সংগ্ৰেহেৰে অভিলেখ যোৰহাট পৰিবহন বিভাগৰ

ABOUT THE AUTHOR

...view details