নলবাৰী, 15 ফেব্ৰুৱাৰী : বিজেপি আদানী, আম্বানী নিচিনা পুঁজিপতিৰ দল । ২০১৬ ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ জনতাক দিয়া প্ৰতিশ্ৰুতিসমূহ ক’লৈ গ'ল । জন ধন যোজনাৰ একাউন্টত ১৫ লাখকৈ টকা দিম বুলি দিয়া প্ৰতিশ্ৰুতি ক’লৈ গ'ল প্ৰধানমন্ত্ৰীৰ ।
আদানী, আম্বানী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই লগ লাগি এপদ এপদকৈ ৰাজহুৱা সম্পদ বিক্ৰী কৰিছে । সোমবাৰে নলবাৰীৰ ধৰ্মপুৰত কংগ্ৰেছৰ এখন দলীয় সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে মীৰা বৰঠাকুৰে ।
সাধাৰণ অ’লা, উ’বেৰ, অটোচালকৰ পৰা ধন নোপোৱাৰ বাবেই তেওঁলোকৰ দাবীসমুহ মানি নলয় বুলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কটাক্ষ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ধৰ্মপুৰত পৰিৱৰ্তন আহিব বুলি উল্লেখ কৰে ৷ তেওঁ লগতে দিনৰ ১২ বজাত বিছনাৰ পৰা শুই উঠা চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে বিধায়কক প্ৰত্যাখ্যান কৰাৰ বাবে ধৰ্মপুৰৰ ৰাইজক আহ্বান জনায় ।