নলবাৰী,১৮ মাৰ্চ: বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে । বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাৰ্থীগৰাকীয়ে । বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে । দিগন্ত বৰ্মনৰ মনোনয়ন দাখিলৰ পূৰ্বে বৰক্ষেত্ৰীত চমক সৃষ্টি কৰি বিশাল সমদল উলিয়ায় । এই বিশাল সমদল বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আহি মিলিত হয় ।
গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা ঢোলে-ডগৰে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনক উপায়ুক্তৰ কাৰ্যালয়লৈ সমৰ্থকসকলে আদৰি নিয়ে । কংগ্ৰেছ কৰ্মী তথা সমৰ্থকৰ পাৰ ভঙা উচাহৰ মাজত উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে বৰ্মনে । সমগ্ৰ নলবাৰীতে কেৱল কংগ্ৰেছ কংগ্ৰেছ কৰি এক ঢৌৰ সৃষ্টি কৰিলে দলটোৱে ।