নলবাৰী, ২৪ ছেপ্টেম্বৰ:আজি নলবাৰী জিলাৰ অন্তৰ্গত সৰিয়হতলীত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ নলবাৰী জিলা সমিতিৰ এখন সংবাদমেল অনুষ্ঠিত হয় । এই সংবাদমেলত নলবাৰীৰ একাংশ গৃহৰক্ষী জোৱানে সন্থাৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে সমিতিখনে । একাংশ গৃহৰক্ষী জোৱানে সন্থাৰ নলবাৰী জিলা সমিতিক ৰাজ্যিক সমিতিয়ে পেইড, ছীল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা বুলি মন্তব্য প্ৰকাশ কৰিছিল । কিন্তু আজিৰ এই সংবাদমেলত সন্থাৰ বিষয়ববীয়া সকলে ভুৱা অপপ্ৰচাৰ চলাই থকা গৃহৰক্ষী জোৱান সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
পুৰণি সমিতিখনে নতুনকৈ গঠন কৰা সনিতিক গৰিহণা দিয়াৰ লগতে ৰাজ্যিক সমিতিয়ে এনেকুৱা সিদ্ধান্ত যদি লৈছে সঠিক প্ৰমাণ দাঙি ধৰিবলৈ দাবী জনাই । আনহাতে,এই অপপ্ৰচাৰ চলাই থকা গৃহৰক্ষী জোৱান সকলে যদি কোনো ধৰণৰ সঠিক ভাৱে প্ৰমাণ দিব নোৱাৰে তেন্তে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আইন তথা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰস্থ হ'ব বুলি সকীয়াই দিয়ে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা নলবাৰী জিলা সমিতিয়ে ।