অসম

assam

ETV Bharat / state

ড৹ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত নলবাৰী সাহিত্য সভাৰ শোক প্ৰকাশ

বিশিষ্ট সাহিত্যিক-লেখক ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে নলবাৰী জিলা সাহিত্য সভাই ৷ প্ৰতিভাধৰ সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসমীয়া সাহিত্য আৰু বিজ্ঞান জগতৰ এক বৰ্ণিল অধ্যায়ৰ সামৰণি ঘটা বুলি উল্লেখ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে ৷

By

Published : Jun 3, 2021, 9:12 PM IST

condolence by nalbari sahitya sabha
নলবাৰী সাহিত্য সভাৰ শোক প্ৰকাশ

নলবাৰী,3 জুন : বিশিষ্ট সাহিত্যিক-লেখক ড৹ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যবাসীৰ লগতে নলবাৰী জিলা সাহিত্য সভাই ৷ এক শোকবাৰ্তাযোগে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই কয় যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, খ্যাতিমান বিজ্ঞানী, প্ৰতিভাধৰ সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত অসমীয়া সাহিত্য আৰু বিজ্ঞান জগতৰ এক বৰ্ণিল অধ্যায়ৰ সামৰণি ঘটিল । সমাজত বিজ্ঞান মনস্কতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ শিক্ষা, গৱেষণা আৰু সাহিত্যৰ মাজেদি তেওঁ কৰা সাধনাৰ ক্ষেত্ৰখন বাৰুকৈয়ে উকা হ’ল বুলিও নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে দোহাৰে ৷

সাহিত্যিকগৰাকীৰ দেহাৱসানত শোক প্ৰকাশৰ প্ৰতীক হিচাপে জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ চোতালত অসম সাহিত্য সভাৰ পতাকা তিনিদিনৰ বাবে অৰ্ধনমিত কৰি ৰখা হয় । সাহিচ্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতা, সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, নলবাৰী সাহিত্য সমাজৰ সভাপতি ড৹ লীনা ডেকায়ো সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক :টীয়কত হাতী দাঁতসহ তিনি জুৱাৰী আটক

ABOUT THE AUTHOR

...view details