নলবাৰী,৭ মে':প্ৰৱল ইচ্ছা শক্তি থাকিলে মানুহে সকলো কামেই কৰিব পাৰে ৷ তাকেই প্ৰমাণ কৰিলে ধমধমাৰ তিনিগৰাকী কলেজীয়া ছাত্ৰীয়ে ৷ পদপথত পানীপুৰীৰ দোকানেৰে জীৱিকাৰ সন্ধানত নামি পৰিছে ধমধমাৰ তিনিগৰাকী কলেজীয়া ছাত্ৰী । ধমধমা আঞ্চলিক মহাবিদ্যালয় অলিস্মিতা,দলিতা আৰু নৱনীতাৰ প্ৰশংসনীয় পদক্ষেপ(Commendable steps of three college students) ।
আৰ্থিক দৈন্যতাৰ বাবে ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ অলিস্মিতা শৰ্মা, দলিতা কলিতা আৰু ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নৱনীতা কলিতাই ধমধমাৰ পদপথত আৰম্ভ কৰিছে পানীপুৰীৰ দোকান(Three students open panipuri shop in Nalbari) ৷ নিজৰ পঢ়াৰ খৰচৰ লগতে পিতৃ-মাতৃক আৰ্থিকভাবে সকাহ দিয়াৰ উদ্দেশ্যেৰে ছাত্ৰী তিনিগৰাকীয়ে আৰম্ভ কৰিছে এই ব্যৱসায় ৷
ইতিমধ্যে ছাত্ৰীকেইগৰাকীৰ এই ব্যৱসায়খনত যথেষ্ট গ্ৰাহকে সহাৰি জনোৱা পৰিলক্ষিত হৈছে ৷ দিনত কলেজলৈ যায় আৰু বিয়লিৰ ভাগত ধমধমা আৰক্ষী চকীৰ সন্মুখত বিক্ৰী কৰে পানীপুৰী ৷ নিতৌ সন্ধিয়া পৰত এইদৰে পানীপুৰী বিক্ৰী কৰি পঢ়াৰ খৰচ উলিওৱাৰ লগতে আৰ্থিক ভাৱে দুৰ্বল নিজৰ ঘৰকেইখনকো দিছে সকাহ ৷