অসম

assam

ETV Bharat / state

পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ ফাৰ্মক নিদিয়ে উচিত মূল্য

অসম চৰকাৰৰ পৰা সা-সুবিধা লাভ কৰা পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ উৎপাদন কেন্দ্ৰ সমুহৰ পৰা গাখীৰ সংগ্ৰহ কৰে যদিও প্ৰাপ্য মূল্য নিদিয়াৰ লগতে বহু সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ গো-পালক সকলৰ ৷

পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ ফাৰ্মক নিদিয়ে প্ৰাপ্য মূল্য

By

Published : Aug 16, 2019, 7:57 PM IST

নলবাৰী, 16 আগষ্টঃ অসমত গাখীৰৰ প্ৰচুৰ চাহিদা আছে যদিও উৎপাদন বহু কম । শুকুৰবাৰে নলবাৰী জিলা দুগ্ধ উৎপাদন কো-আপাৰেটিভ চচাইটিয়ে সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে ৷ লগতে পূৰবী ডেইৰী আদি ডাঙৰ অনুষ্ঠানবোৰে সমবায় সমূহক শোষণ কৰি আছে বুলিও অভিযোগ উত্থাপন কৰে ৷ অসম চৰকাৰৰ পৰা সা-সুবিধা লাভ কৰা পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ উৎপাদন কেন্দ্ৰ সমুহৰ পৰা গাখীৰ সংগ্ৰহ কৰে যদিও প্ৰাপ্য মূল্য নিদিয়াৰ লগতে বহু সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে বুলি অভিযোগ কৰে ৷ যাৰ বাবে সংবাদমেল যোগে এই পূৰবী ডেইৰীৰ সলনি গ্ৰামাঞ্চলৰ দুগ্ধ উৎপাদন কেন্দ্ৰ সমূহক প্ৰত্যক্ষভাবে অসম চৰকাৰে সহায় কৰিবলৈ দাবী উত্থাপন কৰে ৷

পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ ফাৰ্মক নিদিয়ে প্ৰাপ্য মূল্য

ABOUT THE AUTHOR

...view details