অসম

assam

By

Published : Jul 21, 2020, 5:28 AM IST

Updated : Jul 21, 2020, 8:25 AM IST

ETV Bharat / state

নিশা বানপীড়িতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে

নলবাৰীৰ পুখুৰাত ভগ্ন মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ নিশাহে বন্যাৰ্তৰ খবৰ ল'বলৈ সময় পালে মুখ্যমন্ত্ৰীয়ে ৷

assam flood
assam flood

নলবাৰী, 20 জুলাই : পশ্চিম নলবাৰীৰ পুখুৰাত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুঢ়াদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে ৷ পানী কমিলেই ভগ্ন মথাউৰিটো নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে । জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ পুখুৰা মানৱজ্যোতি এম ই স্কুলৰ পৰা এক কিলোমিটাৰ খোজকাঢ়ি গৈ বুঢ়াদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে সোণোৱালে ৷

নিশা বানপীড়িতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ চৌদিশে বান-গৰাখহনীয়া, কৰ'ণা ভাইৰাছৰ বিভীষিকা, ধুমুহা, বজ্ৰপাত, আদিৰ সৈতে চৰকাৰ খনে মোকাবিলা কৰিব লগা হৈছে । ৰাইজৰ সহযোগত মোকাবিলা কৰি জয়ী হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ'ণাৰ সৈতে কোনো ৰাজনীতি হোৱা নাই বুলি ব্যক্ত কৰে ।

নিশা বানপীড়িতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে

লক্ষণীয়ভাবে সোমবাৰে বিয়লি চাৰি বজাত বুঢ়াদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰাৰ কথা আছিল যদিও সন্ধিয়া সাত বজাত হে উক্ত স্থানত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী । ইফালে সন্ধিয়া সাত বজাৰ পৰা চলি থকা সান্ধ্য আইনৰ নিয়মক আংগুষ্ঠ প্ৰদৰ্শন কৰি ধৰ্মপুৰ সমষ্টিৰ বিজেপি নেতা-কৰ্মী আৰু পঞ্চায়ত প্ৰতিনিধি সকলে সংগ দিয়ে মুখ্যমন্ত্ৰীক ।

লগতে পঢ়ক :অসমৰ বান পৰিস্থিতিক লৈ টুইট কেভিন পিটাৰচেনৰ

Last Updated : Jul 21, 2020, 8:25 AM IST

ABOUT THE AUTHOR

...view details